You don't have javascript enabled. Please Enabled javascript for better performance.

প্লাষ্টিকজাত সামগ্ৰীৰ বিকল্প গুৱাহাটী পৌৰ নিগমে বিচাৰিছে সহযোগিতা

Start Date: 25-06-2019
End Date: 31-07-2019

প্লাষ্টিক প্ৰদূষণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সময়ত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

প্লাষ্টিক প্ৰদূষণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সময়ত বিভিন্নজন সচেতন ব্যক্তিয়ে নিজা সৃজনীশীলতাৰে প্লাষ্টিকজাত সামগ্ৰীৰ বিকল্প সামগ্ৰী উদ্ভাৱন কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ লৈছে। প্লাষ্টিক প্ৰদূষণে বিশেষকৈ চহৰাঞ্চলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। গুৱাহাটী পৌৰ নিগমে গুৱাহাটী মহানগৰীত প্লাষ্টিকজাত সামগ্ৰীৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে বহুকেইটা পদক্ষেপ হাতত লৈছে।

যদি কোনো ব্যক্তি, গোট, সংস্থা ইত্যাদিয়ে প্লাষ্টিকৰ বিকল্প সামগ্ৰী প্ৰস্তুত কৰাত ব্ৰতী হৈ আছে তেন্তে আমালৈ লিখি পঠিয়াব পাৰে নিজৰ অভিজ্ঞতাৰ কথা। কাপোৰ, কাগজ, পানী মেটেকা, মৰাপাট অথবা যিকোনো পৰিৱেশ অনুকূল উপকৰণেৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যদি প্ৰচেষ্টা হাতত লৈছে, তেন্তে সেই প্ৰচেষ্টাৰ বিষয়ে সবিশেষ লিখি জনতাৰ চৰকাৰ মাই গভ্ অসমলৈ প্ৰেৰণ কৰক।

উদ্ভাৱকসকলক জনতাৰ চৰকাৰ মাই গভ্ অসমৰ জৰিয়তে গুৱাহাটী পৌৰ নিগমৰ সৈতে যোগাযোগ কৰোৱাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

কেনেদৰে প্ৰেৰণ কৰিব?

মাই গভ্ অসম ৱেবপৰ্টেলত অথবা mygovassam@gmail.com মেইলৰ যোগেদি। নিজৰ কৰ্মপদ্ধতি আৰু পৰামৰ্শৰ সৈতে নিজৰ যোগাযোগৰ নম্বৰ পঠিয়াব পাৰে।

কৰ্ম অভিজ্ঞতা প্ৰেৰণৰ অন্তিম তাৰিখ – ৩০ জুলাই, ২০১৯

সকলো মন্তব্য
Total Submissions ( 22) Approved Submissions (22) Submissions Under Review (0) জমা বন্ধ
Reset
22 তথ্য পোৱা গ’ল

Santanu Datta 6 বছৰ 3 হিচাপপূৰ্বে

First government should establish a plant in every district for recycle plastics. Every school tutorial fees may be taken in the form of old plastics or utensils made of plastics. Thus we can collect all old plastic and necessary recycle can be done. This is a new initiative thought can bring a big change.

  •