You don't have javascript enabled. Please Enabled javascript for better performance.

প্লাষ্টিকজাত সামগ্ৰীৰ বিকল্প গুৱাহাটী পৌৰ নিগমে বিচাৰিছে সহযোগিতা

Start Date: 25-06-2019
End Date: 31-07-2019

প্লাষ্টিক প্ৰদূষণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সময়ত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

প্লাষ্টিক প্ৰদূষণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সময়ত বিভিন্নজন সচেতন ব্যক্তিয়ে নিজা সৃজনীশীলতাৰে প্লাষ্টিকজাত সামগ্ৰীৰ বিকল্প সামগ্ৰী উদ্ভাৱন কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ লৈছে। প্লাষ্টিক প্ৰদূষণে বিশেষকৈ চহৰাঞ্চলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। গুৱাহাটী পৌৰ নিগমে গুৱাহাটী মহানগৰীত প্লাষ্টিকজাত সামগ্ৰীৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে বহুকেইটা পদক্ষেপ হাতত লৈছে।

যদি কোনো ব্যক্তি, গোট, সংস্থা ইত্যাদিয়ে প্লাষ্টিকৰ বিকল্প সামগ্ৰী প্ৰস্তুত কৰাত ব্ৰতী হৈ আছে তেন্তে আমালৈ লিখি পঠিয়াব পাৰে নিজৰ অভিজ্ঞতাৰ কথা। কাপোৰ, কাগজ, পানী মেটেকা, মৰাপাট অথবা যিকোনো পৰিৱেশ অনুকূল উপকৰণেৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যদি প্ৰচেষ্টা হাতত লৈছে, তেন্তে সেই প্ৰচেষ্টাৰ বিষয়ে সবিশেষ লিখি জনতাৰ চৰকাৰ মাই গভ্ অসমলৈ প্ৰেৰণ কৰক।

উদ্ভাৱকসকলক জনতাৰ চৰকাৰ মাই গভ্ অসমৰ জৰিয়তে গুৱাহাটী পৌৰ নিগমৰ সৈতে যোগাযোগ কৰোৱাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

কেনেদৰে প্ৰেৰণ কৰিব?

মাই গভ্ অসম ৱেবপৰ্টেলত অথবা mygovassam@gmail.com মেইলৰ যোগেদি। নিজৰ কৰ্মপদ্ধতি আৰু পৰামৰ্শৰ সৈতে নিজৰ যোগাযোগৰ নম্বৰ পঠিয়াব পাৰে।

কৰ্ম অভিজ্ঞতা প্ৰেৰণৰ অন্তিম তাৰিখ – ৩০ জুলাই, ২০১৯

সকলো মন্তব্য
মুঠ অৱদান ( 22) অনুমোদিত অৱদানসমূহ (22) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (0) জমা বন্ধ
Reset
22 তথ্য পোৱা গ’ল
100

JAYANTA KUMAR BORDOLOI 6 হিচাপ 2 সপ্তাহ পূৰ্বে

There are several steps that can be taken to minimise the use of plastic.
1. Public awareness (which clearly is ineffective)
2. Carpet ban on the use of plastic bags.
3. Charge the use of plastic bags. An initiative taken in London UK. Anyone who uses plastic bag is charged.
4. Make cheap jute bags available for shopping.

320

manoj sarma_1 6 হিচাপ 3 সপ্তাহ পূৰ্বে

নমস্কাৰ।মই জোনাক প্ৰিয়ম।বৰ্তমান নৱাৰুণ...the rising ray,অসম নামৰ সামাজিক সংস্থা এটা জড়িয়তে পলিথিন তথা প্লাষ্টিকজাত বেয়া সামগ্ৰীবোৰৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ লগতে এইবোৰৰ বিকল্প ব্যৱস্থাসমূহ জনমানসলৈ আনিবলৈ চেষ্টা কৰি আছোঁ। যিহেতু 50mm ৰ তলৰ সকলো পলিথিনৰ সামগ্ৰী ব্যৱহাৰৰ অনুপযোগী গতিকে তাৰ বিকল্প হিচাপে আমি কাপোৰৰ মোনা বা মৰাপাটৰ মোনা ব্যৱহাৰ কৰা উচিত।লগতে কাগজৰ মোনাও ব্যৱহাৰ কৰিব পৰা যায়।ইয়াৰ ওপৰিও সস্তীয়া পানীৰ বটলত পানী খালে দেহৰ ক্ষতি হ'ব পাৰে।সেয়েহে প্ৰতিজন ব্যক্তিয়ে উন্নতমানৰ বটলত পানী লগ

1600

Gaurab Roy 6 হিচাপ 3 সপ্তাহ পূৰ্বে

Biodegradable plastics.
Set up an industry that runs on completely on solar energy and make biodegradable plastics which is much strong than three plastics we use.
This will set up an example to the whole world about our vision on green world. This can bring a major change to our earth.

18820

Nabajyoti Das_16 6 হিচাপ 3 সপ্তাহ পূৰ্বে

বৰ্তমান সময়ত প্লাষ্টিকৰ ব্যৱহাৰৰ ফলত বিশ্বত এক ভয়াবহতাৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত বিকল্প ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজন হৈ পৰিছে । এই ক্ষেত্ৰত প্লাষ্টিকৰ বিকল্প হিচাপে আমি কাগজ, মৰাপাট আদিৰ বেগ ব্যৱহাৰ কৰিব পাৰোঁ । ইয়াৰোপৰি আমি বজাৰলৈ ডাঙৰ বেগ লৈ যাব পাৰো । সাধাৰণতে আমি বিয়া, সবাহ আদিত খাবলৈ প্লাষ্টিকৰ থালৰ ব্যৱহাৰ কৰো । ইয়াৰ ব্যৱহাৰ কম কৰিব লাগে । পৰাপক্ষত আমি ইয়াৰ পৰিবৰ্তে কলাপাত, কলৰ পতুৱা(বাকলি) ব্যৱহাৰ কৰিব পাৰো। এনেবোৰ কৰিলে প্লাষ্টিকৰ ব্যৱহাৰ নাইকীয়া হ ব আৰু অসমখন চিৰসেউজ হৈ থাকিব ।

15190

BISWANATH PANDA 6 হিচাপ 4 সপ্তাহ পূৰ্বে

PLASTIC COMPOSITION OF CHEMICHAL IT INVENTION IS FOR GOOD PURPOSE. BUT IT IS NOW TAKE A BIG ROLE FOR PLASTOPOLLUTION. THE USABLE PLASTICS ARE IN HOME IS GOOD BUT IN SUMMER SEASON THE HEAT AFFECT IT. EVEN IN HOME. WHEN THE TEMP. ARROUD UP TO 40 DIGREE. IT IS BETTER TREE PLANTATION OR SMALL PLANT PLANTATION. WITH THIS COOL THE HOME WITH TRADITIONAL WAY OF HOME LIKE WET CLOTH. ANOTHER THING IS RECYCLE OF PLASTICS LIKELY USE IN ART & CULTURE, CRAFT, HAND MADE TOYS FOR KIDS & MANY MORE BUT RECYCLED.