You don't have javascript enabled. Please Enabled javascript for better performance.

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বাবে ল’গ' ডিজাইন প্ৰতিযোগিতা

Start Date: 15-07-2017
End Date: 04-08-2017

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসমে ল’গ' ডিজাইন প্ৰতিযোগিতাৰ আয়োজন ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসমে ল’গ' ডিজাইন প্ৰতিযোগিতাৰ আয়োজন কৰিছে য’ত ল’গ'টোৱে বিভাগৰ বিভিন্ন গুৰুত্ব প্ৰদান কৰিবলগীয়া ক্ষেত্ৰসমূহ প্ৰতিফলিত কৰিব।
অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে জীৱিকাৰ সা-সুবিধা বৃদ্ধি, দাৰিদ্ৰতা দূৰীকৰণ, সামাজিক নিৰাপত্তাৰ বাতাৱৰণ সৃষ্টি, গাঁৱৰ দুখীয়া লোকক সাঙুৰি অৰ্থনৈতিক উত্তৰণৰ বাবে কৰা কাম-কাজৰ সৈতে সক্ৰিয়ভাবে জড়িত হৈ আছে। এই বিভাগৰ প্ৰধান উদ্দেশ্য হৈছে কল্যাণকামী আঁচনি তথা কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে গ্ৰাম্য অসমক শক্তিশালী কৰি তোলা। ইয়াৰ লক্ষ্য হৈছে, গ্ৰাম্য আন্ত:গাথঁনিৰ উন্নতি সাধন কৰা, দাৰিদ্ৰতা দূৰ কৰা, গাঁৱৰ দুখীয়া লোকলৈ গৃহ নিৰ্মাণৰ সুবিধা প্ৰদান কৰা ইত্যাদি।
গুৰুত্ব প্ৰদান কৰিবলগীয়া ক্ষেত্ৰসমূহ :
• জীৱিকাৰ সা-সুবিধা বৃদ্ধি
• গ্ৰাম্য আন্ত:গাঁথনি উন্নয়ন
• গ্ৰাম্য গৃহ নিৰ্মাণ
• অনাময়
• দাৰিদ্ৰতা দূৰীকৰণ
• গ্ৰাম্য নিয়োগ সুবিধা
বিজয়ী প্ৰতিযোগীক নগদ ২৫,০০০ টকাৰে পুৰস্কৃত কৰা হ’ব।
প্ৰেৰণৰ অন্তিম তাৰিখ : ৪ আগষ্ট, ২০১৭

নিয়মাৱলী
JPG অথবা PNG ত উপলব্ধ হ'ব লাগিব।
Illustrator ৰ যোগেদি নিৰ্মাণ কৰাটো বাঞ্চনীয়।
ল'গ'ৰ আকাৰ কমেও দুই ইঞ্চি ডাঙৰ হোৱাটো প্ৰয়োজনীয়।
300 pixel ত হাই ৰিজলিউচনত হোৱাটো প্ৰয়োজনীয়।
ল'গ' ডিজাইন স্বচ্ছ হোৱাটো প্ৰয়োজনীয়।
প্ৰেৰণকাৰীৰ নাম ঠিকনাসহ বিতং তথ্য লগত দিয়াটো প্ৰয়োজনীয়।
নিৰ্বাচিত ল'গ' অসম চৰকাৰৰ সম্পত্তি হিচাবে বিবেচিত হ'ব।
যিকোনো ধৰণে এই ল'গ' অসম চৰকাৰে ব্যৱহাৰ কৰাৰ অধিকাৰ থাকিব।
অসম চৰকাৰে এই প্ৰতিযোগিতা যিকোনো সময়ত বন্ধ কৰাৰ অধিকাৰ লগত ৰাখে।
ল'গ' ডিজাইন সম্পূৰ্ণ নিজা হোৱাটো প্ৰয়োজনীয়।
অসম চৰকাৰৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ'ব।
ল'গ' ডিজাইন একক অথবা দলগত হ'ব পাৰে।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক এই ল'গই কেনেদৰে প্ৰতিনিধিত্ব কৰে সেই সম্পৰ্কে এটা টোকা লগত প্ৰেৰণ কৰাটো প্ৰয়োজনীয়।

সকলো মন্তব্য
Total Submissions ( 173) Approved Submissions (173) Submissions Under Review (0) জমা বন্ধ
Reset
173 তথ্য পোৱা গ’ল

Susmit Chakraborty 8 বছৰ 2 হিচাপপূৰ্বে

My logo includes: Toilet, greenery, hospital, buildings for poor peoples, roads, super fast trains, aeroplanes, school, 24x7 electricity supply, 24x7 water supply, Assam is shining with industries and better infrastructure with ships for exporting assam finest quality tea, jute,etc, more employment for everybody. No more poverty in Assam. Hope you like my idea of making a better living for the people of assam and surrounding areas.

Tareeq Ahmed 8 বছৰ 2 হিচাপপূৰ্বে

In the logo, I have tried to incorporate all the mentioned above focus areas. Development of infrastructure and rural housing. I have shown rural employment opportunities by silhouette of factory in the central part of logo and with an icon on the left where a person is walking with a suitcase.
I have shown eradication of poverty by the icon on the top where there is a beggar being helped by a man. Sanitation has been implied by the icon of male and female fig. Blue denotes water.
Thank you.