You don't have javascript enabled. Please Enabled javascript for better performance.

দিব্যাঙ্গ সকলৰ উন্নয়নৰ বাবে পৰামৰ্শৰ আহ্বান

Start Date: 10-11-2017
End Date: 05-12-2017

অৱহেলিত সকলৰ উচিত যত্ন, সমাজৰ অতি দুৰ্বল শ্ৰেণীসমূহৰ সুৰক্ষা, শিশু, ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অৱহেলিত সকলৰ উচিত যত্ন, সমাজৰ অতি দুৰ্বল শ্ৰেণীসমূহৰ সুৰক্ষা, শিশু, মহিলা আৰু দিব্যাঙ্গসকলৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে অনুকূল বাতাৱৰণ সৃষ্টি কৰাটো সুনিশ্চিত কৰাৰ অৰ্থে অসমৰ সমাজ কল্যাণ বিভাগে কাম কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিভাগটোৱে ৩ ডিচেম্বৰ, ২০১৭ ত আন্তৰ্জাতিক দিব্যাঙ্গ দিৱস উদযাপন কৰিব।
দিব্যাংগসকল এতিয়াও বহুক্ষেত্ৰত অনগ্ৰসৰ অৱস্থাতে আছে। সক্ষম লোকসকলতকৈ এই লোকসকল শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পিছপৰা। অৰ্থনৈতিক নিয়োজনৰ ক্ষেত্ৰতো পিছপৰা। সেয়েহে এই ক্ষেত্ৰত উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিবলৈ বিভাগে অহোপুৰুষাৰ্থ কৰি আছে।
এই বিভিন্ন দিশবোৰ বিবেচনা কৰি দিব্যাঙ্গ সকলৰ সৰ্বাঙ্গীন বিকাশ সাধন কৰাৰ অৰ্থে কিদৰে এই লোকসকলক ভালদৰে সেৱা প্ৰদান কৰিব পাৰি আৰু কিদৰে তেওঁলোকক সবল কৰি তুলিব পাৰি সেই বিষয়ে জনসাধাৰণৰ পৰা অসমৰ সমাজ কল্যাণ বিভাগে দিহা-পৰামৰ্শ আৰু প্ৰকল্পৰ আহ্বান কৰা হৈছে।
উৎকৃষ্ট দিহা-পৰামৰ্শদাতাক নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব।

প্লেটিনাম বঁটা : ২০,০০০ টকা
গোল্ড বঁটা : ১৫,০০০ টকা
চিলভাৰ বঁটা : ১০,০০০ টকা

সকলো মন্তব্য
Total Submissions ( 50) Approved Submissions (47) Submissions Under Review (3) জমা বন্ধ
Reset
47 তথ্য পোৱা গ’ল

KSHIPRAKALPA GOGOI 7 বছৰ 9 হিচাপপূৰ্বে

দিব্যাংগসকলৰ সৱলীকৰণৰ ক্ষেত্ৰত মোৰ নিজা অনুভৱ আৰু মতামত (দিহা-পৰামৰ্শ দিব পৰা হোৱাকৈ যোগ্য হৈ উঠা নাই) তলৰ ফাইলটোত সংলগ্ন কৰি দিয়া হৈছে।

Sukalyan Dey 7 বছৰ 9 হিচাপপূৰ্বে

The idea of a comprehensive, sustainable health model for persons with special abilities has been presented in the file attached below. The details of the actual model is too extensive to be accommodated here. However all the key features have found their brief mention in this abstract.

Rinku Ridip Are Dutta 7 বছৰ 9 হিচাপপূৰ্বে

দিব্যাংগ সকলকৰ সৱলীকৰণৰ বাবে এনে কল্যানকামী আঁচনি গ্ৰহণ কৰিলে তেওঁলোক যথেষ্ট পৰিমাণে উপকৃত হব।
তলত সংলগ্ন কৰা ফাইলটোত সৱিশেষ উল্লেষ কৰা হল।