- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
টেগলাইন প্ৰতিযোগিতা
টেগলাইন প্ৰতিযোগিতা জলবায়ু পৰিৱৰ্তনৰ সজাগতামূলক চাইকেল ৰেলীৰ ...

টেগলাইন প্ৰতিযোগিতা জলবায়ু পৰিৱৰ্তনৰ সজাগতামূলক চাইকেল ৰেলীৰ বাবে আয়োজিত জলবায়ু পৰিৱৰ্তন ক্ৰমান্বয়ে এক মানৱীয় সংকট হিচাপে উদ্ভৱ হৈছে। অসমতো জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে। এই সংকটৰ মোকাবিলা কৰিবলৈ বিভিন্ন স্তৰত সহযোগিতামূলক প্ৰচেষ্টা গ্ৰহণ কৰাৰ আৱশ্যকতা আহি পৰিছে। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক সৰ্বশ্ৰেষ্ঠ উপায় হিচাপে চাইকেলক যাতায়াতৰ মাধ্যম হিচাপে গ্ৰহণ কৰাৰ বিষয়টো বিশ্বব্যাপী প্ৰচাৰ কৰা হৈছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ২৩ মাৰ্চ ২০২৩ তাৰিখে ইয়াৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এক চাইকেল ৰেলীৰ আয়োজন কৰিছে। প্ৰাধিকৰণৰ উদ্যোগত মাই গভ অসমৰ সহযোগত এই ৰেলীৰ বাবে এক টেগলাইন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
শ্ৰেষ্ঠ হিচাপে বিবেচিত ৩টা টেগলাইন ৰেলীত ব্যৱহাৰ কৰা হ'ব আৰু লেখকসকলক অনুষ্ঠানস্থলীত পুৰস্কৃত কৰা হ'ব।
টেগলাইনৰ বিষয়বস্তু : জলবায়ু পৰিৱৰ্তনৰ সজাগতামূলক চাইকেল ৰেলী
অন্তিম তাৰিখ : ৬ মাৰ্চ ২০২৩ আগ্ৰহীসকলে তলৰ মন্তব্য শাখাৰ জৰিয়তে টেগলাইন লিখি আমালৈ প্ৰেৰণ কৰিব পাৰিব
নিয়মাৱলীসমূহ :
• প্ৰতিযোগিতাখনি সকলোৰে বাবে মুকলি থাকিব
• এজন অংশগ্ৰহণকাৰীয়ে ৩টালৈকে টেগলাইন প্ৰেৰণ কৰিব পাৰিব কিন্তু কেৱল এটা টেগলাইন বাছনি কৰা হ'ব
• টেগলাইন নিৰ্ধাৰিত বিষয়বস্তুৰ সন্দৰ্ভত আধাৰিত হ'ব লাগিব
• টেগলাইন ইংৰাজী বা অসমীয়াত লিখাটো বাধ্যতামূলক
• কোনো উত্তেজক, আপত্তিজনক বা অনুপযুক্ত সমল গ্ৰহণযোগ্য নহয়
• টেগলাইন মৌলক হোৱাটো বাঞ্ছনীয়