- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
জ্ঞান ভাৰতী ইণ্ডিয়া কুইজ
৭৩ তম স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাবে জনতাৰ চৰকাৰ ‘মাই ...

৭৩ তম স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাবে জনতাৰ চৰকাৰ ‘মাই গভ অসমে’ ডিব্ৰুগড়ত ‘জ্ঞান ভাৰতী ইণ্ডিয়া কুইজ ’ শীৰ্ষক এক সদৌ অসম মুকলি সাধাৰণ কুইজ প্ৰতিযোগিতা ১৫ আগষ্ট, ২০১৯ তাৰিখে আয়োজন কৰিছে। ২০১৭ চনত গুৱাহাটী আৰু ২০১৮ চনত নগাঁও নগৰত সফলতাৰে এই প্ৰতিযোগিতা আয়োজন কৰাৰ পাছত ২০১৯ বৰ্ষৰ বাবে সাজু হৈছে ডিব্ৰুগড় চহৰ। নাগৰিকৰ সৈতে মত-বিনিময় পোৰ্টেল হিচাবে মাই গভ্ অসমে জ্ঞান-ভাৰতী কুইজ অনুষ্ঠানৰ জৰিয়তে সমাজত বৌদ্ধিক ঐতিহ্য নিৰ্মাণ আৰু শিক্ষা নিৰ্ভৰ সমাজৰ প্ৰসাৰৰ লক্ষ্য হাতত লৈছে।
জ্ঞান ভাৰতী পৰিচালনা কৰিব অসমৰ এগৰাকী প্ৰতিথযশা কুইজ মাষ্টাৰ ডা: বিনয় উপাধ্যায়ে। দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত দুজনীয়া দলে প্ৰাৰম্ভিক পৰ্যায়ত অৱতীৰ্ণ হ’ব আৰু মূল প্ৰতিযোগিতাৰ বাবে মুঠ ছটা দল নিৰ্বাচিত কৰা হ’ব।
স্থান : বিষ্ণু ৰাভা ৰঙ্গমঞ্চ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়
প্ৰথম পুৰস্কাৰ : ১৫,০০০ টকা
দ্বিতীয় পুৰস্কাৰ : ১২,০০০ টকা
তৃতীয় পুৰস্কাৰ : ৮,০০০ টকা
পঞ্জীয়ন আৰম্ভ : পুৱা ১১ বজাৰ পৰা
প্ৰাৰম্ভিক প্ৰতিযোগিতা : দুপৰীয়া ১ বজাৰ পৰা
চূড়ান্ত প্ৰতিযোগিতা : দুপৰীয়া ২ বজাৰ পৰা
চূড়ান্ত পৰ্যায়ত অৱতীৰ্ণ সকলো প্ৰতিযোগীলৈ প্ৰশংসা পত্ৰ আৰু উপহাৰ।
নিয়মাৱলী:
• বয়স, শিক্ষা নিৰ্বিশেষে অসমত বাস কৰা লোকৰ বাবে কুইজ প্ৰতিযোগিতা মুকলি থাকিব।
• প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সৰ্বোচ্ছ দুজনীয়া দল গঠন হ’ব লাগিব।
• চূড়ান্ত প্ৰতিযোগিতাৰ বাবে ৬ টা দল নিৰ্বাচন কৰা হ’ব। এটা দল বিদ্যালয় (দ্বাদশ শ্ৰেণীলৈ)ৰ প্ৰতিযোগীৰ বাবে সংৰক্ষিত হৈ থাকিব।
• প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰতিযোগীসকলে ১৫ আগষ্ট, ২০১৯ ৰ পূৰ্বে মাই গভ অসম পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব।
• প্ৰতোযোগিতাস্থলীতো পঞ্জীয়নৰ সুবিধা উপলব্ধ হ’ব পুৱা 11 বজাৰ পৰা।
• যিকোনো তথ্যৰ বাবে মাই গভ অসমৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম সমূহ (ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম)-ৰ জৰিয়তে বাৰ্তা পঠিয়াব পাৰিব।