You don't have javascript enabled. Please Enabled javascript for better performance.

খেল’ ইণ্ডিয়া য়ুথ গেমছ ২০২০ ৰ বাবে ল’গ’ ডিজাইন প্ৰতিযোগিতা

Start Date: 13-09-2019
End Date: 26-09-2019

ভাৰতবৰ্ষৰ ক্ৰীড়াৰ আন্তঃগাঁথনিৰ উন্নয়ন, ক্ৰীড়াৰ প্ৰসাৰ আৰু তৃণমূল ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ভাৰতবৰ্ষৰ ক্ৰীড়াৰ আন্তঃগাঁথনিৰ উন্নয়ন, ক্ৰীড়াৰ প্ৰসাৰ আৰু তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাসমূহক উদগণি যোগোৱাৰ লক্ষ্যৰে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে খেল’ ইণ্ডিয়া শীৰ্ষক এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী।
২০১৮ চনত দিল্লী আৰু ২০১৯ বৰ্ষত পুণেত সফলতাৰে অনুষ্ঠিত হোৱাৰ পাছত আগন্তুক ২০২০ বৰ্ষৰ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব খেল’ ইণ্ডিয়া য়ুথ গেমছ, ২০২০ ৰ তৃতীয় সংস্কৰণৰ কাৰ্যসূচী। এই কাৰ্যসূচীৰ প্ৰতি নৱ প্ৰজন্ম তথা অসমৰ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণৰ কামনাৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে জনতাৰ চৰকাৰ মাই গভ অসমৰ জৰিয়তে আয়োজন কৰিছে এক ল’গ’ ডিজাইন প্ৰতিযোগিতা।
বিগত বৰ্ষৰ খেল’ ইণ্ডিয়া য়ুথ গেমছৰ মূল ল’গ’ আৰু কম্পজিট ল’গ’ৰ আৰ্হি বাওঁহাতে আগবঢ়োৱা হ’ল –

পুৰস্কাৰ – ১০,০০০ টকাৰ নগদ ধন
ল’গ’ প্ৰেৰণৰ অন্তিম তাৰিখ – ২৬ ছেপ্তেম্বৰ, ২০১৯

কাৰিকৰী নিৰ্দেশনা আৰু চৰ্তাৱলীসমূহ -

নিৰ্ধাৰিত ল’গ’ৰ সমল – খেল’ ইণ্ডিয়া য়ুথ গেমছ, ২০২০, গুৱাহাটী, অসম
অসমৰ ইতিহাস, ভুগোল, সংস্কৃতি, প্ৰাকৃতিক সম্পদ, ক্ৰীড়া, থলুৱা পৰম্পৰা ইত্যাদি বিষয়বস্তু প্ৰতিফলিত হোৱাটো বাধ্যতামূলক
ল’গ’ assam.mygov.in ৰ কাৰ্য শিতানৰ মন্তব্য শাখাৰ যোগেদি প্ৰেৰণ কৰিব লাগিব
ল'গ'ৰ ডিজাইন ফ্লেট হোৱাটো বাঞ্চনীয় আৰু কোনো ধৰণৰ ত্ৰিমাত্ৰিক অথবা Shadow Effect থাকিব নোৱাৰিব।
ল'গ' illustrator ত vector ৰ যোগেদি সজা হ'ব লাগিব।
ৰঙৰ ব্যৱহাৰত বাধা নাই।
ল'গ'ৰ চমু বিৱৰণ বাঞ্চনীয়।
ল’গ’ JPG অথবা PNG ফৰ্মেটত প্ৰেৰণ কৰিব লাগিব।
প্ৰেৰণকাৰীৰ নাম ঠিকনাসহ বিতং তথ্য লগত দিয়াটো প্ৰয়োজনীয়।
নিৰ্বাচিত ল'গ' অসম চৰকাৰৰ সম্পত্তি হিচাবে বিবেচিত হ'ব।
যিকোনো ধৰণে এই ল'গ' অসম চৰকাৰে ব্যৱহাৰ কৰাৰ অধিকাৰ থাকিব।
ল'গ' ডিজাইন সম্পূৰ্ণ নিজা হোৱাটো প্ৰয়োজনীয়।
অসম চৰকাৰৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ'ব।

সকলো মন্তব্য
মুঠ অৱদান ( 504) অনুমোদিত অৱদানসমূহ (401) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (103) জমা বন্ধ
Reset
401 তথ্য পোৱা গ’ল
1200

shikha saini 5 বছৰ 10 হিচাপপূৰ্বে

Khelo India, represents the every corner of India.
I had represented the every part of India as, India is what we are making it.I had used the colors of our national flag as it covers the entire India in it.

Thank you !

it's Shikha Saini
email : sainishikha123@gmail.com
contact : 9999375948