You don't have javascript enabled. Please Enabled javascript for better performance.

কবিতাৰে আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টালৈ শ্ৰদ্ধাঞ্জলি

Start Date: 24-08-2018
End Date: 09-09-2018

আধুনিক ভাৰতৰ ৰূপকাৰ, যুগদ্ৰষ্টা, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

আধুনিক ভাৰতৰ ৰূপকাৰ, যুগদ্ৰষ্টা, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱৰ মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি। সততা আৰু নিষ্ঠাৰ প্ৰতিভূ এইগৰাকী মহান নেতাই দেশখনক শক্তিশালী কৰাৰ বাবে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় স্বাভিমান সুৰক্ষা আৰু দেশৰ প্ৰগতিৰ গতি ত্বৰাম্বিত কৰাৰ বাবে তেখেতে ভাৰতবাসীৰ মনত যি আত্মবিশ্বাসৰ ভাৱনা জাগৃত কৰিছল, তাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে বিশ্ব দৰৱাৰত আমাৰ স্থিতি শক্তশালী কৰিছিল। এগৰাকী কবি, সাহিত্যিক হিচাবে অটল বিহাৰী বাজপেয়ীদেৱে ব্যক্তি, সমাজ আৰু ৰাষ্ট্ৰৰ অনুভূতিক সৰ্বাত্মক ৰূপত প্ৰতিফলিত কৰি আলোকৰ বাটেৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাইছিল।
আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা অটল বিহাৰী বাজপেয়ীদেৱক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ উদ্দেশ্যৰে জনতাৰ চৰকাৰ মাই গভ অসমে এক স্ব-ৰচিত কবিতা প্ৰতিযোগিতাৰ আায়োজন কৰিছে ।

নিয়মাৱালী
১. অংশগ্ৰহণকাৰীসকলে অসমত ব্যৱহৃত যিকোনো ভাষাতেই কবিতা প্ৰেৰণ কৰিব পাৰিব।
২.কবিতাৰ বিষয়বস্তু অটল বিহাৰী বাজপেয়ী দেৱৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত হ'ব লাগিব।
৩. ‘বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ’ আৰু ‘সকলোৰে বাবে মুকলি’ - এই দুটা নিৰ্ধাৰিত শাখাত (ক আৰু খ) এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
৪. ‘ক’ শাখা অৰ্থাৎ বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়ৰ বাবে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাবে ক্ৰমে – ৩,০০০, ২,০০০ আৰু ১,০০০ টকাৰ নগদ ধন আগবঢ়োৱা হ’ব। সকলোৰে বাবে মুকলি অৰ্থাৎ ‘খ’ শাখাৰ বাবে ক্ৰমে - ৫,০০০, ৩,০০০ আৰু ২,০০০ টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱা হ’ব।
৫. যি ভাষাত কবিতা প্ৰেৰণ কৰা হয়, সেই ভাষাৰ নাম উল্লেখ কৰাটো বাধ্যতামূলক।
৬.মাই গভ অসম পৰ্টেল যোগে অহা ১০ ছেপ্টেম্বৰ, ২০১৮ৰ ভিতৰত কবিতা প্ৰেৰণ কৰিব লাগিব।
৭. অংশগ্ৰহণকাৰীসকলে যিকোনো এটা শাখাৰ বাবেহে কবিতা প্ৰেৰণ কৰিব পাৰিব।
৮. এটাতকৈ অধিক কবিতা প্ৰেৰণ কৰিব নোৱাৰিব।
৯. প্ৰেৰণ কৰা কবিতা মৌলিক হোৱাটো বাঞ্চনীয়। আনৰ পৰা নকল কৰা কবিতা গ্ৰহণযোগ্য নহ’ব।
১০. বিচাৰকৰ সিদ্ধান্তই হ’ব চূড়ান্ত সিদ্ধান্ত।
১১.অংশগ্ৰহণকাৰীসকলে প্ৰেৰণ কৰা কবিতাসমূহৰ এখনি সংকলন প্ৰস্তুত কৰা হ’ব।

সকলো মন্তব্য
Total Submissions ( 178) Approved Submissions (176) Submissions Under Review (2) জমা বন্ধ
Reset
176 তথ্য পোৱা গ’ল

NISHICHANDRA BORUAH 7 বছৰ 6 হিচাপপূৰ্বে

To
Assam.MyGov
Assam
Subject : Participation in Poem competition
Sir/Madam,
With due respect, I, Nishichandra Boruah, want to participate in the poetry competition organized as a tribute to Late Atal Bihari Bajpayee Ji, as advertised in THE ASSAM TRIBUNE dated25/08/2018.Hope you will kindly consider my entry and give me a chance to participate.
Hoping for your kind consideration.
Thanking you.
Nishichandra Boruah
Guwahati
8638755887

Lakhi Chetia 7 বছৰ 6 হিচাপপূৰ্বে

★★★ হে পৰম পিতা ★★★
আতৰি গুচি গলা বহু দূৰ দূৰলৈ………
এবাৰ যানো মনত পৰিব মোলৈ///
সৃষ্টি কৰিলা বহু অমৰ ভাণ্ডাৰ,
তুমিয়েই আছিলা সৃষ্টিৰ কাণ্ডাৰ///
তুমাৰ মহান আদৰ্শৰে আছিলো জীয়াই…
আতৰি গলা আজি সৱাকো কন্দুৱাই///
পাম জানো পদূমৰ সৰোৱৰত তুমাৰ দৰে…
ৰৈ গলো পদূমৰ সৰোৱৰত অকলশৰে///
মোৰ শ্ৰদ্ধাঞ্জলি তোমাৰ বাবে পদ্মফুলেৰে……
পদ্মফুল যাচিছো তোমাক অতি বেদনাৰে///
প্ৰীতিৰ বান্ধোন নামানে নিয়তিয়ে…
বজ্ৰাঘাট কৰি লৈ গল অচিৰে///
চৌদিশে নিৰাশ-শতাশা তুমাৰ অবিহনে…
আমাৰ মাজত থাকিবা জনমে জনমে////
***** ওম: শান্তি…ওম: শান্তি ***