- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
আমালৈ প্ৰেৰণ কৰক আপোনাৰ প্ৰিয় জ্যোতি সংগীত
অসমৰ কলা সংস্কৃতিৰ জগতখনৰ এক অন্যতম পুৰোধা হৈছে ৰূপকোঁৱৰ ...

অসমৰ কলা সংস্কৃতিৰ জগতখনৰ এক অন্যতম পুৰোধা হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। অসমীয়া সংগীত, চিনেমা, নাট আদি বিভিন্ন ক্ষেত্ৰলৈ অসীম বৰঙণি আগবঢ়োৱা আগৰৱালাদেৱৰ অসমীয়া সমাজ জীৱনলৈ অৱদান চিৰস্মৰণীয় হৈ ৰ’ব।
জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অমৰ সৃষ্টিৰাজিক সুঁৱৰি জনতাৰ চৰকাৰ মাই গভ অসমে তেখেতৰ পবিত্ৰ মৃত্যু তিথি ‘শিল্পী দিৱস’ উপলক্ষে আয়োজন কৰিছে জ্যোতি সংগীতৰ এক অনলাইন প্ৰতিযোগিতা। আগৰৱালাদেৱৰ ৰচিত আৰু সুৰাৰোপিত এটি গীত পৰিৱেশনৰ ভিডিঅ’ আমালৈ ই-মেইল কৰক mygovassam@gmail.com যোগে। অথবা মাই গভ অসমৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহত গীতটি আপলোড কৰি মাই গভ অসমক টেগ কৰিবও পাৰে।
যোগদানৰ অন্তিম তাৰিখ ১৭ জানুৱাৰী নিশা ১২ বজালৈ
নিৰ্বাচিত প্ৰথম পাঁচগৰাকী প্ৰতিযোগীলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰা স্বাক্ষৰিত এখন প্ৰশংসা পত্ৰ প্ৰেৰণ কৰা হ’ব।
নিয়মাৱলী
ভিডিঅ’ সমূহ মোবাইল ৰেকৰ্ডিং যোগে পঠাব পাৰিব
অডিঅ’ ৰেকৰ্ডিং গ্ৰহণযোগ্য নহ’ব
mygovassam@gmail.com ইমেইলযোগে প্ৰেৰণ কৰিব পাৰে অথবা মাই গভ অসমৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহত গীতটি আপলোড কৰি মাই গভ অসমক টেগ কৰিবও পাৰে।
ভিডিঅ’ত কেৱল গীতটি পৰিৱেশন কৰাটো প্ৰয়োজনীয়। সংগত কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ বাধ্যবাধকতা নাই।
ভিডিঅ’ প্ৰেৰণ কৰা ই-মেইলত অংশগ্ৰহণকাৰীৰ নাম, ঠিকনা, যোগাযোগ নম্বৰ উল্লেখ থকাটো প্ৰয়োজনীয়
এগৰাকী প্ৰতিযোগীয়ে এটি গীতহে প্ৰেৰণ কৰিব পাৰিব
ৰেকৰ্ডিংৰ মানদণ্ড উন্নত হোৱাটো প্ৰয়োজনীয়
বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব