You don't have javascript enabled. Please Enabled javascript for better performance.

অসম গৌৰৱ সূতাৰে তৈয়াৰী প্ৰিয় সাজযোৰ

Start Date: 03-08-2021
End Date: 31-10-2021

হস্ততাঁত-বস্ত্ৰশিল্প হৈছে আমাৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ। অসমৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

হস্ততাঁত-বস্ত্ৰশিল্প হৈছে আমাৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ। অসমৰ অতুলনীয় সাংস্কৃতিক পৰিচয় বহন কৰি অহা এই থলুৱা শিল্পৰ বহি:ৰাজ্যতো প্ৰচুৰ সমাদৰ পৰিলক্ষিত হয়। অসমৰ শিপিনীসকলৰ হাতত প্ৰাণ পাই উঠা এৰী, পাট আৰু মুগাৰে তৈয়াৰী সাজ-পোছাকসমূহ সকলোৰে বাবে গ্ৰহণযোগ্য স্থায়ী পছন্দ।

এইবাৰৰ ‘ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস- ২০২১'ৰ সৈতে সংগতি ৰাখি এই থলুৱা শিল্পৰ প্ৰসাৰৰ উদ্দেশ্যে জনতাৰ চৰকাৰ 'মাই গভ অসম'-এ হাতত লৈছে এক বিশেষ প্ৰয়াস। এৰী, পাট আৰু মুগাৰে তৈয়াৰী আপোনাৰ প্ৰিয় সাজযোৰ পৰিধান কৰি আপুনি এই প্ৰয়াসৰ প্ৰতি সহযোগিতা আগবঢ়াব পাৰে।

#MyHandloomMyPride ব্যৱহাৰ কৰি প্ৰিয় সাজ পৰিহিত এখন ফটো অথবা এটি ভিডিঅ’ (ৰিল) প্ৰস্তুত কৰি সামাজিক মাধ্যমসমূহত আপলোড কৰক আৰু 'MyGov Assam'ক টেগ কৰক। তলৰ মন্তব্য শিতানৰ জৰিয়তেও ফটো বা ভিডিঅ’ আমালৈ প্ৰেৰণ কৰিব পাৰে। সাজযোৰৰ বৈশিষ্ট্যসহ নাম আৰু ঠিকনা উল্লেখ কৰাটো বাধ্যতামূলক।
আপুনি প্ৰেৰণ কৰা ফটো অথবা ভিডিঅ’ মাই গভ অসমৰ সামাজিক মাধ্যমসমূহৰ জৰিয়তে প্ৰকাশ কৰা হ’ব।

অন্তিম তাৰিখ : ২০ আগষ্ট,২০২১

সকলো মন্তব্য
মুঠ অৱদান ( 14) অনুমোদিত অৱদানসমূহ (4) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (10) জমা বন্ধ
Reset
4 তথ্য পোৱা গ’ল
480

Indu Neog 2 বছৰ 8 হিচাপপূৰ্বে

I am wearing Assam Silk Pure Handloom Muga set is designed very beautifully by our weavers.Its more then 30 years old, Very Gorgeous and traditional Pure Muga Silk is used in this Mekhela Sador where all over Guna work is designed beautifully with multicolored thread mina work. #MyHandloomMypride