- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
অনলাইনযোগে পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা
অসমীয়া সাহিত্য সংস্কৃতিৰ এগৰাকী অন্যতম কাণ্ডাৰী হৈছে গীতিকবি ...

অসমীয়া সাহিত্য সংস্কৃতিৰ এগৰাকী অন্যতম কাণ্ডাৰী হৈছে গীতিকবি পাৰ্ৱতি প্ৰসাদ বৰুৱা । একেধাৰে এগৰাকী কবি, গীতিকাৰ, সুৰকাৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা বৰুৱাদেৱে তেখেতৰ চিৰযুগমীয়া সৃষ্টিৰাজিৰে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে। ১৯ আগষ্ট, পাৰ্ৱতি প্ৰসাদ বৰুৱাদেৱৰ পৱিত্ৰ জন্ম তিথিৰ দিনা সমূহ অসমবাসীয়ে তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰি আহিছে।
বৰুৱাদেৱৰ অমৰ সৃষ্টিৰাজিক সুঁৱৰি জনতাৰ চৰকাৰ মাই গভ অসমে তেখেতৰ পবিত্ৰ জন্ম তিথি উপলক্ষে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আয়োজন কৰিছে পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ গীতৰ এক অনলাইন প্ৰতিযোগিতা । বৰুৱাদেৱৰ ৰচিত আৰু সুৰাৰোপিত এটি গীত পৰিৱেশনৰ ভিডিঅ’ আমালৈ ই-মেইল কৰক mygovassam@gmail.com(link sends e-mail) যোগে।
শাখা ক - চতুৰ্থৰ পৰা সপ্তম শ্ৰেণীলৈ
শাখা খ – অষ্টমৰ পৰা দশম শ্ৰেণীলৈ
প্ৰেৰণৰ অন্তিম তাৰিখ ২৫ আগষ্ট নিশা ১২ বজালৈ
দুয়োটা শাখাত নিৰ্বাচিত প্ৰথম তিনিগৰাকী প্ৰতিযোগীলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰা স্বাক্ষৰিত এখন প্ৰশংসা পত্ৰ প্ৰেৰণ কৰা হ’ব।
নিয়মাৱলী
ভিডিঅ’ সমূহ মোবাইল ৰেকৰ্ডিং যোগে পঠাব পাৰিব
আমালৈ প্ৰেৰণ কৰা ভিডিঅ’ অন্য মাধ্যমলৈ প্ৰেৰণ কৰিব নোৱাৰিব
অডিঅ’ ৰেকৰ্ডিং গ্ৰহণযোগ্য নহ’ব
mygovassam@gmail.com(link sends e-mail) ইমেইলযোগে প্ৰেৰণ কৰা ভিডিঅ’হে গ্ৰহণযোগ্য হ’ব
ভিডিঅ’ত কেৱল গীতটি পৰিৱেশন কৰাটো প্ৰয়োজনীয়। সংগত কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ বাধ্যবাধকতা নাই।
ভিডিঅ’ প্ৰেৰণ কৰা ই-মেইলত অংশগ্ৰহণকাৰীৰ নাম, ঠিকনা, শ্ৰেণী, বিদ্যালয়ৰ নাম, যোগাযোগ নম্বৰ উল্লেখ থকাটো প্ৰয়োজনীয়
এগৰাকী প্ৰতিযোগীয়ে এটি গীতহে প্ৰেৰণ কৰিব পাৰিব
ৰেকৰ্ডিংৰ মানদণ্ড উন্নত হোৱাটো প্ৰয়োজনীয়
বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব