You don't have javascript enabled. Please Enabled javascript for better performance.

ভোগালী জলপানেৰে সাফল্যৰ শিখৰত অজিত শৰ্মা বৰুৱা

Start Date: 11-01-2019
End Date: 11-01-2019
সৰুতেই গাঁৱত থকা দেউতাকৰ গেলামালৰ দোকানখনৰ দায়িত্বৰ লগতে চাইকেলেৰে ঘৰে ঘৰে গৈ বিভিন্ন সামগ্ৰী বিক্ৰী কৰাৰ কামো কৰিবলগীয়া হৈছিল সেই সময়ৰ তেজাল যুৱকজনে। প্ৰৱল ধৈৰ্য, একাগ্ৰতা আৰু আগ্ৰহৰ বলত এই সাধাৰণ যুৱকজনে এদিন সফলতাৰ শীৰ্ষত আৰোহণ কৰিলে আৰু অসমত আৰম্ভ কৰিলে থলুৱা জলপানৰ সফল ব্যৱসায়। নাম ৰাখিলে ‘ভোগালী জলপান’। অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমান উপলব্ধ ‘ভোগালী জলপান’ৰ খাদ্য সামগ্ৰীয়ে ইতিমধ্যে অসমৰ লগতে অসমৰ বাহিৰৰো এখন বজাৰ দখল কৰিছে আৰু লগতে সংস্থাপনৰ জৰিয়তে বহু যুৱক –যুৱতীক সহায় কৰি আহিছে। এই ভোগালী জলপানৰ সফল যাত্ৰাৰ বিষয়ে কিছু কথা পাতিছিলো ইয়াৰ স্বত্বাধিকাৰী অজিত শৰ্মা বৰুৱাৰ সৈতে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে