You don't have javascript enabled. Please Enabled javascript for better performance.

বৰপেটা জিলাৰ সৰ্থেবাৰীৰ এহা কৃষক দম্পতীৰ কথাৰে

Start Date: 04-06-2018
End Date: 30-06-2020
পঢ়া শুনা কৰি থকা সময়তে দুয়ো চিনাকি হৈছিল পত্ৰবন্ধুত্বৰ যোগেদি। এগৰাকী আছিল অবিভক্ত শিৱসাগৰ জিলাৰ নিৱাসী আৰু আন গৰাকী আছিল বৰপেটা জিলাৰ। প্ৰায় দহ বছৰযোৰা পত্ৰবন্ধুত্বৰ অন্তত দুয়ো আৱদ্ধ হয় বিবাহপাশত। তাৰ পাছতে কৃষিকৰ্মকে মূল জীৱিকা হিচাবে লৈ পূৰ্ণ্যোদমে দুয়ো নামি পৰে খেতি পথাৰত। স্বামী দিনটো ব্যস্ত হৈ থাকে নিজৰ খেতি পথাৰত আৰু পত্নীয়ে ঘৰখন চম্ভালি থকাৰ লগতে স্বামীক সহায় কৰে কৃষিকৰ্মত। বৰপেটা জিলাৰ সৰ্থেবাৰীৰ কামাৰপাৰা গাঁও নিবাসী – পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি ডেকা। স্নাতক ডিগ্ৰীধাৰী ডেকা দম্পতীয়ে কৃষিক জীৱনধাৰণৰ সাৰথি হিচাবে গ্ৰহণ কৰি বিভিন্ন দিশত সফলতা লাভেৰে ইতিমধ্যে আদৰ্শ কৃষক দম্পতী হিচাবে খ্যাতি আৰ্জিছে। ক’লা ধানৰ লগতে সৰিয়হ তথা অন্যান্য প্ৰকাৰৰ ধান খেতিৰে লাভান্বিত হোৱা ডেকা দম্পতীয়ে অশেষ কষ্ট, একাগ্ৰতা আৰু অধ্যৱসায়েৰে কৃষিকৰ্মত নিয়োজিত হৈ আছে। সম্পূৰ্ণৰূপে জৈৱিক পদ্ধতিৰ খেতিৰ ওপৰত নিৰ্ভৰ কৰা ডেকা দম্পতীৰ স্বাৱলম্বিতা বহুতৰ বাবে এক প্ৰেৰণাৰ উ‍‍‍ৎস হিচাবে পৰিগণিত হৈছে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
6 তথ্য পোৱা গ’ল