You don't have javascript enabled. Please Enabled javascript for better performance.

বিৰুবালা ৰাভা - এগৰাকী সাহসী মহিলা।

Start Date: 19-09-2018
End Date: 19-09-2018
সমাজ সংস্কাৰৰ উদ্দেশ্যে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে সাৱলীল কন্ঠৰে এক আদৰ্শৰ প্ৰতিষ্ঠা কৰা এগৰাকী সাহসী মহিলা বিৰুবালা ৰাভা। গাঁৱে-ভূঁঞে ডাইনী হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে বিৰুবালা ৰাভাৰ সংগ্ৰামী যাত্ৰাই আমাৰ সমাজ জীৱনক আলোকিত কৰাৰ পথ প্ৰশস্ত কৰিছে। গোৱালপাৰা জিলাৰ বালিজানৰ ঠাকুৰবিলা নামৰ এখন অতি ভিতৰুৱা গাঁৱৰ পৰা ডাইনী হত্যাৰ বিৰুদ্ধে সৱল কণ্ঠ নিগৰাই আমাৰ সমাজ জীৱনক দিছে নতুন উদ্যম, নতুন প্ৰেৰণা। বিৰুবালা ৰাভাৰ সাহস, সততা, দৃঢ়তা দেখি অসমৰ বিভিন্ন অঞ্চলৰ যুৱক, যুৱতী, পুৰুষ, মহিলাই তেখেতৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী যাত্ৰাত সহযোগিতা আগবঢ়াবলৈ আগুৱাই আহিল আৰু আনুষ্ঠানিক ভাবে জন্ম দিলে মিছন বিৰুবালাৰ । মিছন বিৰুবালাৰ উদ্যোগত ডাইনী প্ৰথা তথা যিকোনো অন্ধবিশ্বাস সন্দৰ্ভত বিভিন্ন সভা, কৰ্মশালা আদি অনুষ্ঠিত কৰি জনসাধাণৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰচেষ্টা হাতত লৈ অহা হৈছে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে