You don't have javascript enabled. Please Enabled javascript for better performance.

বজালীত দুগ্ধ সংসাধন প্ৰকল্পৰ আধাৰশিলা

Start Date: 11-02-2021
End Date: 11-02-2021
নৱগঠিত বজালী জিলাৰ এক দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি ৰাজ্য চৰকাৰে জনালে সঁহাৰি। দুগ্ধ উৎপাদনৰ বাবে খ্যাত বজালীত এটা দুগ্ধ সংসাধন কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত বজালীবাসীয়ে দীৰ্ঘদিন ধৰি এক দাবী উত্থাপন কৰি আহিছিল।এই দাবীৰ প্ৰতি সঁহাৰি জনাই ১০ ফেব্ৰুৱাৰীত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই স্থাপন কৰে ৪.৬৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বজালী দুগ্ধ সংসাধন প্ৰকল্পৰ আধাৰশিলা। এই প্ৰকল্পই অঞ্চলটোৰ গো- পালক সকলৰ লগতে দুগ্ধ ব্যৱসায়ীসকলক আৰ্থিক দিশত স্বাৱলম্বী কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে