You don't have javascript enabled. Please Enabled javascript for better performance.

প্ৰাকৃতিক ৰঙৰ ব্যৱহাৰেৰে এৰী, কপাহী, পাট, ৰেচম আদিৰ কাপোৰ তৈয়াৰ কৰাৰ পদ্ধতি অতি সহজ

Start Date: 12-10-2018
End Date: 12-10-2018
ভাৰতবৰ্ষত প্ৰাকৃতিক ৰঙৰ ব্যৱহাৰৰ পৰম্পৰা অতি পুৰণি। ৰাসায়নিক ৰঙৰ ব্যাপক প্ৰচলনৰ পৰিপ্ৰেক্ষিতত প্ৰাকৃতিক ৰঙৰ ব্যৱহাৰ হ্ৰাস পাবলৈ ল’লে। অৱশ্যে জনজাতি প্ৰধান অঞ্চলসমূহত এতিয়াও মহিলাসকলে কম-বেছি পৰিমাণে প্ৰাকৃতিক ৰঙৰ প্ৰলেপেৰে সূতা প্ৰস্তুত কৰি তাঁতশালত কাপোৰ তৈয়াৰ কৰে। শিলিখা, শেৱালী ফুল, ঢেকীয়া, হালধি আদিৰ গুৰিকে ধৰি বিভিন্ন প্ৰাকৃতিক উপাদানৰ উপৰিও লা-পৰুৱাৰ দৰে বিভিন্ন পোক-পতংগ, বৰালি মাছ, খনিজ পদাৰ্থ যেনে আইৰণৰ টুকুৰা আদিৰ পৰা ৰং নিৰ্গত কৰি(পানীত তিয়াই) সেই ৰঙত এৰী, কপাহী, ৰেচম আদি সূতা মিহলাই কাপোৰ প্ৰস্তুত কৰাৰ পদ্ধতি অতি সহজ। এনে বস্ত্ৰ স্বাস্থ্যসন্মত হোৱাৰ লগতে ঔষধিগুণযুক্ত। অসমৰ গ্ৰাম্য সমাজৰ মহিলাসকলে সহজতেই প্ৰাকৃতিক ৰঙৰ ব্যৱহাৰেৰে কাপোৰ তৈয়াৰ কৰাৰ কৌশল অৱলম্বন কৰি ব্যৱসায়িক দিশতো মনোনিৱেশ কৰিব পাৰে। অসম চৰকাৰৰ হস্তঁতাত গৱেষণা আৰু চানেকি কেন্দ্ৰত প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি চানেকি বস্ত্ৰ প্ৰস্তুত কৰা হয়। এই ক্ষেত্ৰত আগ্ৰহী মহিলাসকলে প্ৰশিক্ষণ লাভৰ বাবে গুৱাহাটী আমবাৰীৰ হস্তঁতাত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ লগত যোগাযোগ কৰিব পাৰে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে