You don't have javascript enabled. Please Enabled javascript for better performance.

পাৰিজাত একাডেমী আৰু উত্তম টেৰণৰ সাফল্যৰ যাত্ৰা

Start Date: 30-06-2018
End Date: 30-06-2018
প্ৰতিটো সফলতাৰ আঁৰত থাকে অশেষ কষ্ট, ত্যাগ আৰু অধ্যৱসায়। তেনে এক সফলতাৰ কাহিনীয়েই হৈছে গুৱাহাটীৰ মহানগৰীৰ কাষৰীয়া গড়চুকৰ পামহিত অৱস্থিত পাৰিজাত একাডেমী আৰু ইয়াৰ প্ৰতিষ্ঠাতা উত্তম টেৰণৰ কাহিনী। এই সফল কাহিনী আৰম্ভ হৈছিল মাথোঁ ৮০০ টকা মূলধনেৰে ২০০৩ চনত। কিন্তু উত্তম টেৰণ ডাঙৰীয়াৰ আৰম্ভণিৰ যাত্ৰা সিমান সুখকৰ নাছিল। পাৰিজাত একাডেমী আৰম্ভ কৰা আগতে বিভিন্ন পক্ষৰ পৰা আহিছিল নিৰুৎসাহজনিত বাৰ্তা। এই কামৰ দ্বাৰা যে তেওঁ আৰ্থিকভাৱে একেবাৰেই লাভান্বিত নহ’ব সেই কথা বাৰে বাৰে সকীয়াই দিয়া হৈছিল। কিন্তু শিক্ষাৰ পোহৰ বিলাই সমাজ সেৱাক এক মূলমন্ত্ৰ হিচাবে লোৱা এটা লক্ষ্যক হাজাৰ বাধা বিঘিনিয়েও স্থবিৰ কৰিব নোৱাৰে। কোনো কামত যেতিয়া আন্তৰিকতা থাকে তাত সহায় কৰিবলৈ বহু লোক আগবাঢ়ি আহে। মাত্ৰ চাৰিজন ছাত্ৰৰে আৰম্ভ হোৱাৰ পাৰিজাত একাডেমীত বৰ্তমান কেইবাশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। ইয়াৰে প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই আৰ্থিক ভাৱে দুৰ্বল শ্ৰেণীৰ পৰা অহা। উত্তম টেৰণ ডাঙৰীয়াই পাৰিজাত একাডেমী এনে এখন শিক্ষানুষ্ঠান হিচাবে গঢ় দিছে যিয়ে পিছপৰা অঞ্চল সমূহৰ ছাত্ৰ-ছাত্ৰী সকলক মাথোঁ বিনামুলীয়া শিক্ষাদান দিয়াই নহয়, দেশ-বিদেশৰ স্বেচ্ছাসেৱক সকলৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ এক কেন্দ্ৰ হিচাবেও পৰিচিত হৈ পৰিছে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে