You don't have javascript enabled. Please Enabled javascript for better performance.

তামোলৰ ঢকুৱাৰে স্বাৱলম্বী অৰিন্দম দাসগুপ্তা

Start Date: 21-07-2018
End Date: 21-07-2018
প্ৰাকৃতিক সম্পদত চহকী আমাৰ ৰাজ্যখনত শিক্ষিত যুৱক-যুৱতীসকলৰ বাবে প্ৰচুৰ কৰ্মসংস্থাপনৰ থল আছে। প্ৰাচুৰ্যতাৰে ভৰা এই ঠাইখনত স্বাৱলম্বিতাৰ বাট মোকলাই লোৱা এগৰাকী উদ্যমী যুৱক অৰিন্দম দাসগুপ্তাই আদৰ্শ দেখুৱাইছে অসমৰ শিক্ষিত নিবনুৱাসকলক। গাঁৱে-ভূঁঞে উপলব্ধ তামোলৰ ঢকুৱাৰে বিভিন্ন নিত্য প্ৰয়োজনীয় সামগ্ৰী তৈয়াৰ কৰি প্ৰতিষ্ঠিত হোৱা এইগৰাকী উদ্যমী যুৱকে বিভিন্নজনক কৰ্মসংস্থাপন প্ৰদান কৰি আহিছে। উদ্যমী যুৱকজনৰ এই প্ৰচেষ্টাৰ দ্বাৰা আৰ্থিকভাৱে উপকৃত হৈছে বহু গ্ৰাম্য পৰিয়াল।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে