You don't have javascript enabled. Please Enabled javascript for better performance.

তপোবনেৰে সামাজিক দায়বদ্ধতা দেখুৱাইছে বৰপেটাৰ কুমুদ কলিতাই

Start Date: 07-06-2019
End Date: 30-06-2022
বৰপেটা জিলাৰ পাঠশালা নিৱাসী কুমুদ কলিতা। এগৰাকী শিক্ষক হিচাবে পৰিচিত হোৱাৰ উপৰিও তেখেতৰ আছে অন্য এক পৰিচয়। ২০০৫ চনত স্থাপন কৰা এখন বিশেষ বিদ্যালয়ৰ যোগেদি সমাজলৈ তেখেতে আগবঢ়াই আহিছে প্ৰভূত বৰঙণি। তেখেতে ‘তপোবন’ নামৰ এই বিশেষ বিদ্যালয় খনত দিব্যাংগ শিশু-কিশোৰকে ধৰি সমাজৰ অৱহেলিত শিশু সকলক খুব আত্মীয়তাৰে প্ৰতিপালন কৰি আহিছে। থকা-খোৱাৰ সু-ব্যৱস্থাৰে শিশু-কিশোৰসকলক শিক্ষাৰ লগতে শিশুৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বিভিন্ন কাৰ্যসূচী তপোবনে গ্ৰহণ কৰি আহিছে। পাঠশালা মহাবিদ্যালয়ৰ প্ৰবক্তা কুমুদ কলিতাৰ এই মহৎ কাৰ্যত বিভিন্ন সময়ত সহায়ৰ হাত আগবঢ়াই আহিছে স্থানীয় প্ৰশাসন তথা ৰাইজে। তপোবনেৰে আৰম্ভ কৰা শ্ৰীযুত কলিতাৰ এই সফল যাত্ৰাৰ বিষয়ে কিছু কথাৰ গম লওঁ আহক।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
2 তথ্য পোৱা গ’ল