You don't have javascript enabled. Please Enabled javascript for better performance.

সাম্প্ৰতিক সময়ছোৱাত - ৰাজ্যৰ প্ৰচুৰ সম্ভাৱনাময় ক্ষেত্ৰসমূহ

Start Date: 25-05-2020
End Date: 31-12-2020

ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশজুৰি উদ্ভৱ হৈছে এক জটিল ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
Bharatiya Kisan Sangha || Making difference at grassroots

ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশজুৰি উদ্ভৱ হৈছে এক জটিল পৰিস্থিতিৰ। দেশবাসীৰ সুৰক্ষাৰ স্বাৰ্থত ইতিমধ্যে চতুৰ্থ সপ্তাহৰ বাবেও বৃদ্ধি কৰিব লগীয়া হৈছে লকডাউন । যাৰ পৰিপ্ৰেক্ষিতত অন্যান্য সমস্যাৰ লগতে ভাবুকি নামি আহিছে দেশৰ অৰ্থনৈতিক দিশটোৰ প্ৰতি ।

লকডাউনৰ ফলত সৃষ্টি হোৱা বৃ্হৎ অৰ্থনৈতিক ক্ষতিৰ পৰিপ্ৰেক্ষিতত দেশত উদ্ভৱ হ’বলৈ লোৱা ভয়াৱহ পৰিস্থিতিত দেশবাসীক অনুপ্ৰেৰণা যোগাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই । এই গভীৰ সংকটকালত “আত্মনিৰ্ভৰ ভাৰত অভিযান”ৰ পোষকতা কৰি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ দেশবাসীক স্ব-নিৰ্ভৰশীলতাৰ দিশে আগুৱাই যাবলৈ আহ্বান জনাইছে । বিশেষকৈ স্বদেশী তথা থলুৱা সামগ্ৰীৰ উৎপাদন তথা প্ৰসাৰৰ ক্ষেত্ৰত অতি নিষ্ঠাৰে মনোনিৱেশ কৰি কঠোৰ পৰিশ্ৰমৰ যোগেদি নিজৰ লগতে দেশৰ অৰ্থনৈতিক স্থিতি শক্তিশালীকৰণৰ হকে সকলোকে কাম কৰি যাবলৈ আহ্বান জনাইছে ।

এনে সময়ছোৱাত কৃষি, উদ্যোগ, পশু-পালন, হস্ততাঁত-বস্ত্ৰশিল্প ইত্যাদিকে ধৰি বিভিন্ন খণ্ড প্ৰচুৰ সম্ভাৱনাময় ক্ষেত্ৰৰূপে প্ৰতিপন্ন হোৱাৰ দিশে আগবাঢ়িব বুলি আশা প্ৰকাশ কৰা হৈছে। আগন্তুক সময়ছোৱাত ৰাজ্যৰ কোনকেইটা খণ্ডই প্ৰচুৰ সম্ভাৱনীয়তা কঢ়িয়াই আনিব বুলি আপুনি ভাবে?

আপোনাৰ মতামত আমালৈ প্ৰেৰণ কৰক। তলত মন্তব্য আকাৰে আপোনাৰ মতামত প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
Reset
210 তথ্য পোৱা গ’ল
2280

Nitul Baishya 5 বছৰ 1 monthপূৰ্বে

I'm a Doctor by profession. But I'm observing potential field of development in the sectors as follows
1. Gandhi said, India lives in villages. In 1901, 89% of total population lived in villages, in 1961, 82% population lived in villages, now in 2020 too, about 70% of population lives in villages only.
So Agriculture is the first sector to look after. Our growth and development will be agro based. Gandhi truely said this. Saying agricultural, I'm also saying about animal husbandry etc.too

769850

JAYANTA TOPADAR 5 বছৰ 1 monthপূৰ্বে

In the making of an Atmanirbhar Bharat Abhiyan, education sector need to be revamped and reorganized through web portal on centralized educational motivation and thus, the future of Bharat could be sensitized through the education to rediscover the self without any temporary confusion or doubt regarding the accomplishment of the 'lakshya' in the long run.
Indeed, the education sector must get a new facelift through the ONLINE mode of education in these days of Covid-19 pandemic.

710

Dipak Boruah 5 বছৰ 1 monthপূৰ্বে

অসমৰ চৰ- চাপৰিবোৰৰ লগতে ৰাজহ গাঁৱৰ মাটি বোৰত উন্নত পদ্ধতি অৱলম্বন কৰি জৈৱিক সাৰ প্ৰয়োগ কৰাই শাক পাচলি, ফলমুল উৎপাদন কৰাব লাগে। ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা এতিয়া অহা যুৱক সকলক ,গাঁৱৰ যুৱ সংঘক গো - পালনৰ মাধ্যমেৰে দুগ্ধ উৎপাদন, উন্নত প্ৰজাতিৰ গাহৰি পালন আদি কাম বোৰ কৰিলে অসমৰ গাওঁ সমূহৰ পৰাই অৰ্থনৈতিক দিশটো তনকিয়াল কৰিব লাগিব।

62910

Ajoy sharma 5 বছৰ 1 monthপূৰ্বে

Graduate unemployet সকলৰ ঘৰত পুখোৰী যি সকলক আছে তেনে লোকক মাছৰ পোনা যোগান ধৰিব পাৰিলে তেওঁ লোক উপকৃত হলে হয়।আৰু অৰ্থনিতীত অৰিহনা যোগাব পৰিলে হয়।

  •