You don't have javascript enabled. Please Enabled javascript for better performance.

যান-বাহনৰ গতিবেগ সন্দৰ্ভত মতামত তথা পৰামৰ্শ প্ৰেৰণৰ আহ্বান

Start Date: 02-11-2021
End Date: 25-11-2024

যান-বাহনৰ গতিবেগ সন্দৰ্ভত মতামত তথা পৰামৰ্শ প্ৰেৰণৰ আহ্বান ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
যান-বাহনৰ গতিবেগ সন্দৰ্ভত মতামত তথা পৰামৰ্শ প্ৰেৰণৰ আহ্বান

যান-বাহনৰ গতিবেগ সন্দৰ্ভত মতামত তথা পৰামৰ্শ প্ৰেৰণৰ আহ্বান লোকনিৰ্মাণ (পথ) বিভাগ, অসমৰ দ্বাৰা জনতাৰ চৰকাৰ মাই গভ অসমৰ সহযোগত পথ সুৰক্ষা সম্পৰ্কত বিভাগটোৰ অধীনস্থ পথসমূহৰ (ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে) ওপৰত সকলো শ্ৰেণীৰ বাহন চলাচলৰ ক্ষেত্ৰত সৰ্বোচ্চ গতিবেগ নিৰ্ধাৰণৰ উদ্দেশ্যে এখন নতুন খচৰা অধিসূচনা (Draft Notification) জাৰি কৰাৰ বাবে চিন্তা-চৰ্চা কৰা হৈছে। এই সম্পর্কত পথ সুৰক্ষাৰ দিশত সচেতন নাগৰিকসকলৰ অংশগ্রহণেৰে এক বিশেষ পদক্ষেপেৰে খচৰা অধিসূচনাখন প্রস্তুত কৰিবলৈ মনস্থ কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে আন পথসমূহৰ ক্ষেত্ৰত সৰ্বোচ্চ গতিবেগৰ সূচকসহ অধিসূচনাৰ খচৰা নিম্ন উল্লেখিত ধৰণে প্ৰস্তুত কৰা হৈছে। পথৰ শ্ৰেণী------------------------------------- সৰ্বাধিক গতি (কিঃমিঃ/ঘণ্টা) পথ বিভাজন থকা ৪ লেনযুক্ত পথ-------------- ৮০ সমতল এলেকাৰ ২ লেনযুক্ত (৭ মিটাৰ বহল) পথৰ লগতে পকী দাঁতি সংলগ্ন পথ--------------------------------------------- ৭০ সমতল এলেকাৰ পকী দাঁতিবিহীন ২ লেনযুক্ত (৭ মিটাৰ বহল)পথ--- ৬০ সমতল এলেকাৰ পকী দাঁতি সংলগ্ন থকা বা নথকা ইণ্টাৰমেডিয়েট লেনযুক্ত (৫.৫ মিটাৰ বহল) পথ------------------------------ ৫০ সমতল এলেকাৰ এক লেনযুক্ত (৩.৭৫ মিটাৰ বহল) পথ--------- ৪০ গুৱাহাটী মহানগৰীৰ এলেকাৰ ভিতৰত ভৌতিক মধ্যমাৰ দ্বাৰা পৃথকীকৃত পথ- ৫০ গুৱাহাটী মহানগৰ আৰু আন পৌৰসভা/নগৰ এলেকাৰ অন্তর্গত আন পথ- ৪০ গাঁও, শিক্ষা প্রতিষ্ঠান আদিৰ লগতে আৰক্ষী কর্তৃপক্ষৰদ্বাৰা চিহ্নিত স্পর্শকাতৰ এলেকা আৰু ইয়াৰ সমীপৱর্তী পথ----------------------------- ৩০ অতি জনবহুল বজাৰ এলেকাৰ পথ-------------------------- ২০ পাহাৰীয়া এলেকাৰ ২ লেনযুক্ত (৭মিটাৰ বহল) পথ------------------- ৫০ পাহাৰীয়া এলেকাৰ ইণ্টাৰমিডিয়েট লেনযুক্ত (৫.৫ মিটাৰ বহল) পথ---- ৪০ পাহাৰীয়া এলেকাৰ এক লেনযুক্ত (৩.৭৫ মিটাৰ বহল) পথ------- ৩০ উপর্যুক্ত বিভিন্ন পথভেদে নির্ধাৰিত সর্বোচ্চ গতিৰ সম্পর্কত প্রাক-অধিসূচনা পর্যায়ৰ পৰামর্শমূলক প্রক্রিয়া হিচাপে পথ সুৰক্ষাৰ প্রতি সচেতন নাগৰিকসকলক পৰামৰ্শ/ মন্তব্য প্ৰেৰণৰ বাবে অনুৰোধ জনোৱা হৈছে। আপোনাৰ বহুমূলীয়া মতামত/পৰামৰ্শ তলত মন্তব্য আকাৰে আগবঢ়াব পাৰে। মন্তব্য আগবঢ়োৱাৰ অন্তিম তাৰিখ : ২৫ নৱেম্বৰ, ২০২১। পৰামর্শ/মতামত আগবঢ়োৱাসকলে নাম, ঠিকনা, কর্ম পদবী তথা যোগাযোগৰ নম্বৰ উল্লেখ কৰাটো বাঞ্ছনীয়। অন্যথা তেখেতসকলৰ মতামত/পৰামর্শ মূল্যায়নৰ ক্ষেত্রত বিবেচিত নহ’ব।

সকলো মন্তব্য
Reset
221 তথ্য পোৱা গ’ল

SagarJyoti 3 বছৰ 11 হিচাপপূৰ্বে

পথ বিভাজন থকা 4 লেন যুক্ত পথ-
সৰ্বোচ্চ 100 kmph হ'ব লাগে ।
সমতল এলেকাৰ পকী দাতিযুক্ত 2লেন পথ-
সৰ্বোচ্চ 90 kmph হ'ব লাগে ।
সমতল এলেকাৰ পকী দাতিবিহীন 2লেন পথ-
সৰ্বোচ্চ 70 kmph হ'ব লাগে ।

ManasBorua 3 বছৰ 11 হিচাপপূৰ্বে

পথ বিভাজন থকা 4 লেন যুক্ত পথ-
সৰ্বোচ্চ 100 kmph হ'ব লাগে ।

সমতল এলেকাৰ পকী দাতিযুক্ত 2লেন পথ- 80-90kmph হ'ব লাগে ।

সমতল এলেকাৰ পকী দাতিবিহীন 2লেন পথ-
সৰ্বোচ্চ 70+ kmph হ'ব লাগে ।

Pranjal Dutta 3 বছৰ 11 হিচাপপূৰ্বে

পথ বিভাজন থকা 4 লেন যুক্ত পথ-
সৰ্বোচ্চ 100 kmph হ'ব লাগে ।

সমতল এলেকাৰ পকী দাতিযুক্ত 2লেন পথ-
সৰ্বোচ্চ 90 kmph হ'ব লাগে ।

সমতল এলেকাৰ পকী দাতিবিহীন 2লেন পথ-
সৰ্বোচ্চ 70 kmph হ'ব লাগে ।

বজাৰ এলেকাত 20-30 kmph হ'ব লাগে ।

আৰু one way ৰাস্তাত যে কিছুমান চালকে বেআইনী ভাবে বিপৰীত দিশৰ পৰা আহে তেনেলোকৰ বাবে দুৰ্ঘটনা হোৱাৰ প্ৰচুৰ সম্ভাৱনা থাকে । তেনেকুৱা অঞ্চলৰ চাৰিআলি আদিত কেমেৰা লগোৱাৰ ব্যবস্থা কৰা ভাল।
বিশেষকৈ নামনিৰ ফালে চাংসাৰী পাৰ হোৱাৰ পিছত এই ধৰনৰ দৃশ্য অতি সূলভ।

GoutamjyotiKalita 3 বছৰ 11 হিচাপপূৰ্বে

১.৪ lane ত ১২০,State highway ত ৮০ আৰু আন ৰাজ্যিক পথত ৭০ ৰ সীমা দিব লাগে।
২.গতিবেগৰ সীমা সঘনাই বেলেগ বেলেগ নোহোৱাটো নিশ্চিত কৰিব লাগে। নহলে মানি চলা কঠিন হয়।
৩.গতিবেগৰ নিয়ম ভঙ্গকাৰীক পোনেই জৰিমনা নিবিহি নিজৰ যুক্তি দাঙি ধৰাৰ সুযোগ দিব লাগে আৰু বিবেচনাযোগ্য হলে ৰেহাই দিব লাগে।
৪.গতিৰ নিৰ্দেশ সমূহ পথৰ ওপৰত টোৰণ সাজি উজ্জ্বল কৈ ডিজিটেলি লিখিব লাগে যাতে চালকে পথৰ পৰা দৃষ্টি আতৰাবলগীয়া নহয়। লগতে পথৰ ৰং সানিও সূচিত কৰিব লাগে।