You don't have javascript enabled. Please Enabled javascript for better performance.

বিত্ত বিভাগৰ ২০১৮-১৯ বৰ্ষৰ অসম বাজেটৰ বাবে পৰামৰ্শৰ আহ্বান

Start Date: 26-12-2017
End Date: 16-02-2018

অসম চৰকাৰৰ বিত্ত বিভাগে অসম বাজেট ২০১৮-১৯ খন জনসাধাৰণৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসম চৰকাৰৰ বিত্ত বিভাগে অসম বাজেট ২০১৮-১৯ খন জনসাধাৰণৰ কল্যাণকেন্দ্ৰিক কৰাত যথেষ্ট গুৰুত্ব দিছে। ডিজিটেল সেৱাৰ গুৰুত্ব উপলব্ধি কৰি ‘ই-বাজেট’ প্ৰস্তুত কৰাত গুৰুত্ব দিয়া হৈছে যিয়ে জনসাধাৰণক তথ্য যোগোৱাত সহায় কৰিব। জনতাৰ অংশীদাৰ ব্যৱস্থাত বিশ্বাসী বিত্ত বিভাগে দ্বিতীয় বৰ্ষৰ বাজেটৰ বাবে জনসাধাৰণৰ পৰা পৰামৰ্শ বিচাৰিছে।
বিত্ত বিভাগৰ ৱেবচাইট finance.assam.gov.in ত জনসাধাৰণে নিজৰ বহুমূলীয়া পৰামৰ্শ প্ৰদান কৰিব পাৰে। মাই গভ্‍ অসমৰ ৱেবচাইট assam.mygov.in ৰ যোগেদিও বিভিন্ন মতামত আৰু পৰামৰ্শ প্ৰদান কৰাৰ সুবিধা উপলব্ধ। এই বৰ্ষৰ গুৰুত্বপূৰ্ণ কিছুমান ক্ষেত্ৰ হৈছে :
• শিশু
• কন্যা শিশু
• দিব্যাংগ
• বৃদ্ধাৱস্থা
• লিংগ বৈষম্য
• ধাৰণক্ষম বিকাশৰ লক্ষ্য
যোগদানৰ অন্তিম তাৰিখ : ১৬ ফেব্ৰুৱাৰী, ২০১৮

সকলো মন্তব্য
Reset
85 তথ্য পোৱা গ’ল

Anitya Bhuyan 7 বছৰ 8 হিচাপপূৰ্বে

১। বিজ্ঞান সন্মত ভাৱে কলং সূতি খনন আৰু পুনৰ বোৱাই তুলিবৰ কাৰনে পৰিকল্পনা গ্ৰহন কৰিব লাগে।
২। অসমৰ ক্ৰীড়া জগত উন্নতিৰ কাৰণে অসমৰ গাঁও সমূহত থকা পঞ্জীয়ন ভুক্ত আৰু পঞ্জীয়ন ভুক্ত গ্ৰাম্য পুথিভড়াল তথা সংঘ সমূহৰ জৰিয়তে প্ৰশিক্ষণৰ ব্যৱস্থাৰ বাবে পৰিকল্পনা গ্ৰহন কৰিব লাগে।

Anitya Bhuyan 7 বছৰ 8 হিচাপপূৰ্বে

১। ২০১৮-১৯বৰ্ষত অসমৰ ১০ জলপ্ৰপাত অসম পৰ্যটন বিভাগৰ অধিনলৈ আনিব লাগে।
২ পৰ্যটনৰ লগত সংগতি এটি বিশেষ দিন পৰ্যটন বিভাগে এটি পৰ্যটন দিৱস হিচাপে পালন কৰাৰ পৰিকল্পনা গ্ৰহন কৰিব লাগে।

Anitya Bhuyan 7 বছৰ 8 হিচাপপূৰ্বে

১। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সংস্কৃতিৰ শাখালৈ এটি Recording Studio নিৰ্মাণ কৰাৰ বাবে পৰিকল্পনা গ্ৰহন কৰিব লাগে।
2। শিক্ষা বিভাগৰ গুণ উৎসৱত 'A' Grade প্ৰাপ্ত বিদ্যালয় সমূহত কম্পিউটাৰ প্ৰদান কৰিব লাগে যাতে বিদ্যালয় সমূহ অধিক আগবাঢ়ি যাব পাৰে।
৩। অসমৰ থলুৱা বাদ্যযন্ত্ৰ সমুহৰ লগত তথা অসমৰ কলা সংস্কৃতিৰ লগত জৰিত যুব শিল্পী সকলক সন্মান প্ৰদান কৰিব লাগে।
৪। ২০১৮-১৯ বৰ্ষত অসমৰ ভূমি জৰীপ হব লাগে।স্বাধীনতাৰ পিছত এই জৰিপ হোৱা নাই।

Anitya Bhuyan 7 বছৰ 8 হিচাপপূৰ্বে

১।অসম সৰ্বশিক্ষা অধিনত ২০১২ চনত ঠিকা ভিত্তিক ভাৱে শিক্ষকতা কৰি থকা টেট্ উত্তীৰ্ণ শিক্ষক সকলক ২০১৮-১৯ বৰ্ষত স্থায়ী নিযুক্তি প্ৰদান কৰিব লাগে।
২।চাহ বাগিছা অঞ্চলৰ বিদ্যালয় সমূহত ছাত্ৰ ছাত্ৰী সকলক শিকন শিক্ষণ সামগ্ৰী,ঐক্য পোছাক,জোতা,স্কুলীয়া বেগ,ছাতি প্ৰদান কৰিব লাগে। লগতে শ্ৰেণী অনুযায়ী শিক্ষক নিযুক্তি প্ৰদান কৰিব লাগে।
৩। লণ্ডনত থকা শ্ৰীমন্ত শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰভাগ ২০১৮-১৯ ঘুৰাই অনাৰ পৰিকল্পনা লব লাগে।

anjan acharya 7 বছৰ 8 হিচাপপূৰ্বে

১. আলু আৰু অন্যান্য কৃষি উৎপাদনত অসমক আত্মনিৰ্ভৰ কৰাৰ আঁচনি ল'ব লাগে। ‌ ২. অসমৰ নদীৰ বুকুৰ বালিচৰ আৰু চৰ‌-চাপৰিবোৰ সৌৰশক্তি উৎপাদনৰ বাবে উপযুক্ত ঠাই । এই বালিচৰবোৰত সৌৰশক্তি প্ৰকল্প স্হাপন কৰি প্ৰচুৰ পৰিমাণে বিদ্যুৎ শক্তি লাভ কৰিব পাৰি।

Pranjal Boruah 7 বছৰ 8 হিচাপপূৰ্বে

ছাৰ,
গুৱাহাটীৰ খানাপাৰা উৰণীয়া হেতুৰ পৰা গণেশগুৰি পৰ্যন্ত পথছোৱাৰ ব্যস্ততা দিনক দিনে বাঢ়ি গৈ আছে। অদুৰ ভৱিয্যতে এই পথচোৱাত পাৰ্কিঙৰ বাবে ঠাইৰ অভাৱ হব। গতিকে বাহিনী নদীৰ উপৰত নদীখনত বিশেষ ঋণত্মক প্ৰভাৱ নপৰাকৈ বিজ্ঞানসন্মতভাবে পাৰ্কিঙৰ ব্যৱস্থা কৰিব পৰা যায় নেকি বিবেচনা কৰিবলৈ অনুৰোধ জনালো।

লগতে দিশপুৰ চুপাৰ মাৰ্কেট তিনিআলিত ট্ৰেফিক নিয়ন্ত্ৰণৰ বাবে উৰণীয়া সেতু বা সাময়িক ভবে হলেও Circular Juncture ৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনালো।

anjan acharya 7 বছৰ 8 হিচাপপূৰ্বে

মদ নিষিদ্ধ কৰক। বিহাৰ ৰাজ্য‌ই যদি সফলতাৰে এই কাম কৰিব পাৰে , আমিনো কিয় নোৱাৰিম ? আমাৰ সমাজত দেখা দিয়া যুৱ অৱনতি , সামাজিক পতন , মানুহৰ স্বাস্থ্যহানিৰ লগতে যান-বাহনৰ দুৰ্ঘটনা আৰু বহু প্ৰাণহানিৰ প্ৰধান কাৰণ হৈছে এই চৰকাৰী অনুজ্ঞা প্ৰাপ্ত দোকানৰ মদ । সেয়েহে এই মদ নিষিদ্ধ কৰি এক সুস্ত আৰু সবল সমাজ গঢ়িবলৈ আমাৰ চৰকাৰক অনুৰোধ জনালোঁ।

KUSHAL DEB ROY 7 বছৰ 8 হিচাপপূৰ্বে

I am writting from Silchar Sir,
At first the most most most important demand of Silchar is a fly over in Silchar town. it is very much required to cope up with Silchar traffic.
2) Silchar Town By-pass. Complete it as soon as possible.
3) Install more dustbins in the town of Silchar.
4) Smart Digital traffic control in Silchar.
5) Widening of Silchar town roads.
6) Expansion of town in a proper plan
7) Include Silchar in Smart city list.

Dhrubajyoti Kalita 7 বছৰ 8 হিচাপপূৰ্বে

১) চৰকাৰী কাৰ্যালয়বোৰত নিজস্ব অভিজ্ঞতা আৰু বিবেচনাৰ ভিত্তিত সকলো পৰ্যায়ৰ কৰ্মচাৰীৰ পৰা নিজ কাৰ্যালয় বা বিভাগৰ উন্নতিৰ বাবে নিয়মীয়াকৈ মুকলি আলোচনা আৰু পৰামৰ্শ গ্ৰহণৰ ব্যৱস্থা কৰিব লাগে।
২)প্ৰতিটো চৰকাৰী কাৰ্যালয়ৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ তথ্য বিভাগটোৰ নিজা ৱেবচাইটত উপলব্ধ হোৱাটো নিশ্চিত কৰিব লাগে।
৩) প্ৰমাণ পত্ৰ আদিৰ জালিয়াতি ৰোধৰ বাবে সকলো চৰকাৰী কৰ্মচাৰী বা চৰকাৰী সুবিধা গ্ৰহণ কৰা নাগৰিকৰ নথিৰ বিতং বিৱৰণ চৰকাৰী ৱেবচাইটত মুকলি কৰিব লাগে।