You don't have javascript enabled. Please Enabled javascript for better performance.

পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত ‘জনতাৰ চৰকাৰ মাই গভ অসমলৈ’ দিহা পৰামৰ্শ প্ৰেৰণ কৰক –

Start Date: 29-11-2018
End Date: 31-12-2019

পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে মহামানৱ মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে মহামানৱ মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষত স্বৰাজ প্ৰতিষ্ঠাৰ সপোন দেখিছিল। গান্ধীজীয়ে কৈছিল – ‘ভাৰতৰ আত্মা গাঁৱত লুকাই আছে, সেয়েহে গাঁৱৰ উন্নতি অবিহনে দেশৰ উন্নতিৰ কথা ভাবিবই নোৱাৰি’

স্বাধীনতাৰ পাছৰে পৰা সকলো ৰাজ্যতে পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তনৰ জৰিয়তে গাওঁসমূহক অধিক শক্তিশালী কৰি তোলাৰ লগতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে এই ব্যৱস্থাক আগবঢ়াই নিয়া হৈছে। এই পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে গাঁৱৰ জনসাধাৰণৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হয়।

বৰ্তমান সময়ত জনসাধাৰণৰ সহায় সহযোগিতা তথা দিহা-পৰামৰ্শৰ যোগেদি এই পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক উন্নয়নমুখী কৰাৰ যথেষ্ট থল আছে। এই সন্দৰ্ভত ‘জনতাৰ চৰকাৰ মাই গভ অসমে’ আপোনাৰ বহুমূলীয়া দিহা-পৰামৰ্শ কামনা কৰিছে। আপোনাৰ পৰামৰ্শসমূহ আমাক তলত মন্তব্য হিচাবে প্ৰদান কৰিব পাৰে।

সকলো মন্তব্য
Reset
43 তথ্য পোৱা গ’ল
28800

KRISHNA KAMAL BORAH 5 বছৰ 5 হিচাপপূৰ্বে

আমাৰ গাওঁ সমূহৰ উন্নয়ন তেতিয়াহে সম্ভৱ হৈ উঠিব যেতিয়া পঞ্চায়ত ব্যৱস্থা সম্পূৰ্ণভাৱে নিকা তথা স্বচ্ছ হ'ব। গাওঁসভাৰ জৰিয়তে বিভিন্ন সমস্যাসমূহ চিনাক্ত কৰি সেইবোৰৰ সমাধানৰ ওপৰত গুৰুত্ব দিব লাগিব। বিভিন্ন আঁচনিসমূহৰ সঠিক ৰূপায়নৰ ব্যৱস্থা কৰিব লাগিব। পঞ্চায়তৰ প্ৰতিনিধি আৰু অভিজ্ঞ ব্যক্তিৰ দ্বাৰা হস্বম্যাদী আৰু দীৰ্ঘম্যাদী আঁচনি হাতত ল'ব লাগিব যাতে গাওঁসমূহত সকলোৱে সমান সুযোগ সুবিধা লাভ কৰি আগুৱাই যাব পাৰে।

  •