You don't have javascript enabled. Please Enabled javascript for better performance.

অজ’ন স্তৰৰ অৱক্ষয় আৰু ব্যক্তিগত উদ্যমেৰে পৰিৱেশ ৰক্ষাৰ প্ৰাসংগিকতা

Start Date: 15-09-2020
End Date: 31-12-2020

বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়েৰ (Stratosphere) মণ্ডল আৱৰি থকা এটা স্তৰ হৈছে অজ’ন ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়েৰ (Stratosphere) মণ্ডল আৱৰি থকা এটা স্তৰ হৈছে অজ’ন স্তৰ (Ozone Layer)। যদিও অক্সিজেনৰ আন এটা ৰূপ অজ’নক বিষাক্ত উপাদান হিচাবেই গণ্য কৰা হয়, তথাপিও বায়ুমণ্ডলত অৱস্থিত অজ’ন স্তৰে পৃথিৱীৰ জীৱকুল ৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বায়ুমণ্ডলত থকা এই স্তৰে সূৰ্য্যৰ পৰা উৎপন্ন হোৱা অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণ পৃথিৱীলৈ অহাত বাধা দি জীৱ জগতক সুৰক্ষিত কৰি ৰাখে৷
বৰ্তমান বিভিন্ন কাৰকৰ প্ৰভাৱত গুৰুত্বপূৰ্ণ অজ’ন স্তৰৰ ক্ষতিসাধন হ’বলৈ ধৰিছে, যিটো এক চিন্তনীয় বিষয় আৰু জীৱকুলৰ বাবে এক বিপদৰ সংকেত। মানৱসৃষ্ট বিভিন্ন প্ৰদূষণজনিত কাৰকৰ প্ৰভাৱত অজ’ন ক্ষয়কাৰী প্ৰধান ৰাসায়নিক পদাৰ্থ ক্ল’ৰ’ফ’ৰ’ কাৰ্বন (CFC)কে ধৰি বিভিন্ন বিষাক্ত ৰাসায়নিক উপাদানৰ দ্বাৰা এই স্তৰৰ অৱক্ষয় হ’বলৈ ধৰিছে।
পৰিৱেশ প্ৰদূষণ ৰোধ বৰ্তমান এক সময়ৰ আহ্বান। আমাৰ নিজা কিছুমান ব্যক্তিগত প্ৰচেষ্টা যেনে ব্যক্তিগত গাড়ীৰ ব্যৱহাৰ হ্ৰাস, শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ সমূহৰ সুনিয়ন্ত্ৰিত ব্যৱহাৰ, গছপুলি ৰোপণ আদিৰ দ্বাৰা প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰি পৰিৱেশ তথা বায়ুমণ্ডলৰ অজ’ন স্তৰ ৰক্ষাৰ ক্ষেত্ৰত আগভাগ ল’ব পাৰো। বিশ্ব অজ’ন দিৱস উপলক্ষে মাই গভ অসমে আগবঢ়াইছে এক বিশেষ আলোচনা – অজ’ন স্তৰৰ অৱক্ষয় আৰু ব্যক্তিগত উদ্যমেৰে পৰিৱেশ ৰক্ষাৰ প্ৰাসংগিকতা। ব্যক্তিগত প্ৰচেষ্টাৰ দ্বাৰা প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত আপুনি নিজাকৈ কোনো উদ্যোগ গ্ৰহণ কৰি আহিছে নেকি? ব্যক্তিগত স্তৰত পৰিৱেশ ৰক্ষাৰ প্ৰাসংগিকতা সম্পৰ্কে আপোনাৰ মতামত আগবঢ়াব পাৰে তলত মন্তব্য আকাৰে।
অংশগ্ৰহণৰ অন্তিম তাৰিখ ২০ অক্টোবৰ, ২০২০

সকলো মন্তব্য
Reset
13 তথ্য পোৱা গ’ল
931060

Susanta Kumar Pattnaik 3 বছৰ 7 হিচাপপূৰ্বে

This is a serious issue appoching nearer.As an individual, promotion of plantations like road side and in unused lands 2. Motivation for reducing vehicles to reduce smoke 3.care should be taken for air and water polution etc.4. promotion of kitchen garden 5.roof top vegetables garden 6.eletric vehicles should replace other etc are prime.Spreading of social education in the community about update information to reach and on driving away social evils.Inspiring more people participation in Govt pro

  •