You don't have javascript enabled. Please Enabled javascript for better performance.

খেল’ ইণ্ডিয়া য়ুথ গেমছ, ২০২০ গুৱাহাটিৰ বাবে শুভংকৰ প্ৰতীক সজা প্ৰতিযোগিতা

Start Date: 17-09-2019
Start Date: 26-09-2019

ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতবৰ্ষক এখন আগৰণুৱা ৰাষ্ট্ৰ হিচাবে গঢ় দিয়াৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতবৰ্ষক এখন আগৰণুৱা ৰাষ্ট্ৰ হিচাবে গঢ় দিয়াৰ উদ্দেশ্যে আৰু দেশৰ ক্ৰীড়া সংস্কৃতিক উদ্বুদ্ধ কৰি তোলাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছিল খেল’ ইণ্ডিয়া কাৰ্যসূচী।

২০১৮ চনত নতুন দিল্লী আৰু ২০১৯ চনত পুণে চহৰত এই কাৰ্যসুচী অনুষ্ঠিত হোৱাৰ পাছত ২০২০ চনৰ জানুৱাৰী মাহত এই খেল’ ইণ্ডিয়া যুৱ প্ৰতিযোগিতাৰ বাবে সাজু হৈছে গুৱাহাটী চহৰ। এই প্ৰতিযোগিতাক প্ৰতিনিধিত্ব কৰে দুটাকৈ শুভংকৰ প্ৰতীকে – বিজয় নামৰ বাঘ আৰু জয়া নামৰ কৃষ্ণমৃগ। এই প্ৰতিযোগিতাৰ আয়োজনত জনতাৰ অংশগ্ৰহণত উৎসাহ যোগোৱাৰ লক্ষ্যৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগে এক শুভংকৰ প্ৰতীক সজা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ইয়াৰ যোগেদি প্ৰতিযোগিতাৰ মূল শুভংকৰ প্ৰতীক দুটা একে ৰাখি ইয়াত অসমৰ সংস্কৃতি, বুৰঞ্জী, ভূগোল, প্ৰাকৃতিক সম্পদ আদি যিকোনো উপাদান সংযুক্ত কৰিব পাৰিব।

পুৰস্কাৰ : ১০,০০০ টকা
প্ৰেৰণৰ অন্তিম তাৰিখ : ২৬ ছেপ্তেম্বৰ , ২০১৯

কাৰিকৰী নিৰ্দেশনা আৰু চৰ্তাৱলীসমূহ :
• শুভংকৰ প্ৰতীকসমূহ ভেক্টৰ অথবা ৰেষ্টাৰ (raster) যোগে ১৮x১২ ইঞ্চি আকাৰত ডিজাইন কৰাতো প্ৰয়োজনীয়।
• ৰঙৰ ব্যৱহাৰত বাধ্যবাধকতা নাই।
• ডিজাইনটোৰ এক চমু পৰিচয় থকাটো বাঞ্চনীয়।
• JPG অথবা PNG-ত ডিজাইন সমূহ প্ৰেৰণ কৰাটো প্ৰয়োজনীয়।
• ডিজাইন সমূহ assam.mygov.in-ৰ যোগেদি প্ৰেৰণ কৰিব লাগিব।
• প্ৰেৰণকাৰীসকলে নিজৰ নাম, ঠিকনা, লিংগ, ইমেইল, মোবাইল নম্বৰ উল্লেখ কৰাটো বাঞ্চনীয়।
• নিৰ্বাচিত শুভংকৰ প্ৰতীকসমূহ অসম চৰকাৰৰ সম্পত্তি হিচাবে বিবেচনা কৰা হ’ব আৰু ইয়াত ডিজাইনাৰৰ কোনো ধৰণৰ কৰ্তৃত্ব নাথাকিব।
• নিৰ্বাচিত প্ৰতীক অসম চৰকাৰে ইয়াৰ বিভিন্ন প্লেটফৰ্মত যিকোনো ৰূপত ব্যৱহাৰ কৰাৰ কৰ্তৃত্ব থাকিব।
• যিকোনো সময়ত এই প্ৰতিযোগিতা স্থগিত ৰখাৰ কৰ্তৃত্ব অসম চৰকাৰৰ ওচৰত থাকিব।
• ডিজাইনসমূহ সম্পুৰ্ণ নিজা হ’ব লাগিব। অইন কোনো তৃতীয় পক্ষৰ ডিজাইনৰ পৰা নকল কৰা হ’লে সেই ডিজাইন প্ৰতিযোগিতাৰ পৰা খাৰিজ কৰা হ’ব।
• মাই গভ্‍ অসমৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ’ব।

সকলো মন্তব্য
মুঠ অৱদান ( 46) অনুমোদিত অৱদানসমূহ (7) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (39) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল