- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
৭৫সংখ্যক স্বাধীনতা দিৱসত 'জ্ঞান ভাৰতী ইণ্ডিয়া কুইজ-২০২১'
দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে 'মাই গভ্ অসম'-এ বিগত ...

দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে 'মাই গভ্ অসম'-এ বিগত বর্ষসমূহৰ দৰে এইবাৰো আয়োজন কৰিছে ‘জ্ঞান ভাৰতী ইণ্ডিয়া কুইজ-২০২১’। প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত অংশ ল’ব পৰাকৈ যুৱপ্ৰজন্মৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ এখন মঞ্চ হিচাপে গঢ়াৰ প্ৰয়াস অব্যাহত ৰাখি বিগত ৪টা বৰ্ষ ধৰি ‘মাই গভ্ অসম’-এ আয়োজন কৰি আহিছে উক্ত কুইজ প্রতিযোগিতা। ক’ভিড সংক্ৰমণৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনলাইনযোগে অনুষ্ঠিত কৰা হ’ব এই কুইজৰ পঞ্চম সংস্কৰণটি। সকলো বয়সৰ লোকৰ বাবে মুকলি প্রতিযোগিতাখনত অংশগ্রহণ কৰি উদযাপন কৰোঁ আহক আমাৰ স্বাভিমানৰ প্রতীক স্বাধীনতা দিৱসটি।
পুৰস্কাৰসমূহ---
শ্রেষ্ঠ ৫গৰাকীলৈ আগবঢ়োৱা হ’ব গ্রন্থৰ টোপোলা আৰু মাননীয় মুখ্যমন্ত্রী মহোদয় স্বাক্ষৰিত মানপত্র।
নিয়মাৱলীসমূহ---
১৫ আগষ্টৰ দিনা পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব কুইজ
সম্পূর্ণ আলোকচিত্র প্রশ্নসমৃদ্ধ প্রতিযোগিতাখনৰ বিষয় ভাৰতৰ স্বাধীনতা সংগ্রাম
অংশগ্ৰহণৰ বাবে assam.mygov.inত আগতীয়াকৈ পঞ্জীয়ন কৰাটো বাধ্যতামূলক
অংশগ্ৰহণৰ বাবে তলৰ মন্তব্য শাখাত নিজৰ সম্পূর্ণ নাম, ঠিকনা, ফোন নম্বৰ আৰু মেইল-আই ডি উল্লেখ কৰিব লাগিব
অংশগ্ৰহণৰ বাবে উক্ত দিনা নিৰ্ধাৰিত সময়ত ( দিনৰ ১১ বজাত) সামাজিক মাধ্যম Facebook, Instagram আৰু Twitterৰ জৰিয়তে Google Formৰ লিংক উপলব্ধ কৰা হ’ব
এগৰাকী অংশগ্ৰহণকাৰীয়ে নিৰ্ধাৰিত সময়ত এবাৰহে অংশগ্ৰহণ কৰিব পাৰিব।