- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
শ্যামলী চৌহদ : ফটো বা লেখা শ্বেয়াৰ কৰক
প্ৰতিটো চৰকাৰী প্ৰাতিষ্ঠানিক চৌহদক শ্যামলী চৌহদলৈ ৰূপান্তৰিত ...

প্ৰতিটো চৰকাৰী প্ৰাতিষ্ঠানিক চৌহদক শ্যামলী চৌহদলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প (চি এম আই পি পি) প্ৰৱৰ্তন কৰিছে। ১৭ জুলাইত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচী উদ্বোধন কৰাৰ পাছত ১৮ জুলাইৰ পৰা ১৫ আগষ্টলৈ চৰকাৰী প্ৰতিষ্ঠানসমূহত এই প্ৰকল্প চলি থাকিব৷ এই সময়ছোৱাত সকলো চৰকাৰী প্ৰাতিষ্ঠানিক চৌহদত অভিযান চলোৱা হ’ব।
অসম চৰকাৰৰ অধীনস্থ সকলো কার্যালয়, স্বায়ত্তশাসিত পৰিষদ/ সংস্থা/ নিগম/ সংগঠন, পঞ্চায়তীৰাজ প্রতিষ্ঠান/ নগৰীয়া স্থানীয় সংস্থা, অসম চৰকাৰৰ অধীনস্থ শিক্ষানুষ্ঠানে এই গছপুলি ৰোপণ কার্যসূচীত অংশগ্রহণ কৰিব৷
উদ্দেশ্য :
• অধিক সেউজ আৱৰণেৰে প্রাতিষ্ঠানিক চৌহদৰ সৌন্দর্যবর্ধন
• গুৰুত্বপূর্ণ থলুৱা উদ্ভিদ প্রজাতিৰ সংৰক্ষণ
• সামূহিক অংশগ্রহণেৰে জলবায়ু পৰিৱর্তন প্রশমনৰ দিশত সজাগতা সৃষ্টি
• ব্যাপক হাৰত গছপুলি ৰোপণেৰে কার্বন ভাণ্ডাৰ বৃদ্ধিত গুৰুত্ব
যদি আপুনি কোনো শ্যামলী চৌহদলৈ গৈছে বা গছপুলি ৰোপণ কাৰ্যসূচীত অংশ লৈছে তেন্তে এখন ফটো বা ছেলফি ক্লিক কৰি আমাৰ লগত শ্বেয়াৰ কৰক। গৃহ,কৰ্মস্থলী বা পথৰ দাঁতি আদিত আৰম্ভ বা অংশগ্ৰহণ কৰা আন যিকোনো গছপুলি ৰোপণ কাৰ্যসূচীৰ কাহিনীও শ্বেয়াৰ কৰিব পাৰে।
আপোনাৰ ফটো আৰু লেখাসমূহ তলৰ কমেণ্ট শাখাত শ্বেয়াৰ কৰক