- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
ল’গ’ ডিজাইন আৰু শ্ল’গান প্ৰতিযোগিতা
অসম দক্ষতা বিশ্ববিদ্যালয়ৰ বাবে ল’গ’ ডিজাইন আৰু শ্ল’গান ...

অসম দক্ষতা বিশ্ববিদ্যালয়ৰ বাবে ল’গ’ ডিজাইন আৰু শ্ল’গান প্ৰতিযোগিতা
উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে অসমৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ লক্ষ্যৰে ৰাজ্যত অসম চৰকাৰে স্থাপন কৰিবলৈ আগবাঢ়িছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয়। অনাগত দিনত স্থাপন হ’বলগীয়া অসম দক্ষতা বিশ্ববিদ্যালয়খনে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশত দক্ষতা বৃদ্ধিৰে এক নিয়োগ অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই বিশ্ববিদ্যালয়ৰ এক প্ৰধান লক্ষ্য হৈছে বিশ্বমানৰ উৎকৰ্ষ আৰু এক বৈচিত্ৰ্যপূৰ্ণ পৰিৱেশ প্ৰদান কৰি অসমৰ পৰম্পৰাগত শিক্ষা ব্যৱস্থাক দক্ষতা আৰু উদ্ভাৱন-আধাৰিত শিক্ষালৈ ৰূপান্তৰ কৰা।
অসম দক্ষতা বিশ্ববিদ্যালয়ৰ সৈতে বৃহৎসংখ্যক অংশীদাৰক জড়িত কৰাৰ লক্ষ্যৰে 'মাই গভ অসম'ৰ সহযোগত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰিছে এক ল’গ’ ডিজাইন আৰু শ্ল’গান প্ৰতিযোগিতা
পুৰস্কাৰ
ল’গ’ ডিজাইন প্ৰতিযোগিতা : ২৫,০০০ টকা
শ্ল’গান প্ৰতিযোগিতা : ১০,০০০ টকা
প্ৰেৰণৰ অন্তিম তাৰিখ :২০ নৱেম্বৰ, ২০২১, ২০২১
নিয়মাৱলী
১. শ্ল’গানৰ বাবে ৭টাতকৈ কম শব্দ হোৱাটো বাধ্যতামূলক। প্ৰেৰণ কৰা শ্ল’গান কোনো প্ৰিণ্ট অথবা ডিজিটেল মাধ্যমত প্ৰকাশ পোৱা হ’ব নোৱাৰিব। লগতে ইয়াত কোনো উত্তেজক, আপত্তিজনক বা অনুপযুক্ত সমল থাকিব নোৱাৰিব
২. ল’গ’ৰ জৰিয়তে অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উদ্দেশ্য প্ৰতিফলিত হ’ব লাগিব
৩. প্ৰতিজন অংশগ্ৰহণকাৰীয়ে ল’গ’ৰ সৈতে ল’গ’ৰ এটি চমু বিৱৰণ (সৰ্বাধিক ১০০ শব্দ) প্ৰেৰণ কৰিব লাগিব ডিজাইনটো অৰিজিনেল হ'ব লাগিব আৰু ইয়াত কোনো পূৰ্ব-বিদ্যমান/তৃতীয় পক্ষৰ ডিজাইন/ট্ৰেডমাৰ্ক/কপীৰাইট যুক্ত ছবি অন্তৰ্ভুক্ত থাকিব নালাগিব
৪. অংশগ্ৰহণকাৰীয়ে কেৱল JPEG আৰু PDF ফৰ্মেটত উচ্চ-ৰিজলিউচনৰ (৬০০ ডি পি আই) ল’গ’ প্ৰেৰণ কৰিব লাগিব। স্ক্ৰীনত ১০০% Zoom কৰি চালেও পিক্সেলেটেড হ’ব নালাগিব
৫. ল’গ’ৰ ডিজাইন ৰঙীন হ’ব লাগিব কিন্তু ক'লা-বগা ৰঙত পুনৰ প্ৰস্তুত কৰিব পৰা হ'ব লাগিব
৬. নিম্নতম ছবিৰ আকাৰ – 3 inches by 3 inches (3”x3”)
৭. ডিজাইন কৰা ল’গ’ৰ অৰিজিনেল অপেন ছ'ৰ্চ ফাইল প্ৰদান কৰাটো বাধ্যতামূলক
৮. কোনো ধৰণৰ চৌৰ্যবৃত্তিৰ প্ৰশ্ৰয় ল’ব নোৱাৰিব আৰু ল’গ’ৰ বাবে কপীৰাইট সুৰক্ষিত কোনো সামগ্ৰী, যেনে ফটোগ্ৰাফ, আইকন, চিহ্ন, ছবি আদি ব্যৱহাৰ কৰিব নোৱাৰিব। অংশগ্ৰহণকাৰীয়ে প্ৰেৰণ কৰা ল’গ’ত ছাপ বা ৱাটাৰমাৰ্ক থাকিব নালাগিব
৯. প্ৰতিযোগিতা সকলো বয়সৰ লোকৰ বাবে মুকলি থাকিব। ব্যক্তিগত/গোট/ফাৰ্ম আদি হিচাপেও অংশগ্ৰহণ কৰিব পাৰে
১০. এজন অংশগ্ৰহণকাৰীয়ে বাবে কেৱল এটা সমল প্ৰেৰণ কৰিব পাৰিব
১১. বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব
১২. অংশগ্ৰহণকাৰীয়ে নিম্নলিখিত বিৱৰণসমূহ এটা PDF ফাইলত প্ৰেৰণ কৰিব লাগিব – সম্পূৰ্ণ নাম, ফাৰ্ম/কোম্পানী (যদি প্ৰযোজ্য হয়), সম্পূৰ্ণ ঠিকনা, নগৰ, ৰাজ্য, জন্ম তাৰিখ, ম'বাইল নম্বৰ আৰু ই-মেইল ঠিকনা
১৩. বিজয়ীসকলক মেইলযোগে অৱগত কৰা হ'ব। ফলাফল অসম দক্ষতা বিকাশ মিছনৰ লগতে মাই গভ অসমৰ ৱেবছাইট/ছ'চিয়েল মিডিয়া প্লেটফৰ্মযোগে ঘোষণা কৰা হ'ব। বিজয়ীসকলৰ সমল নিৰ্দিষ্ট ৱেবছাইযোগে প্ৰকাশ কৰা হ’ব
১৪. তৃতীয় পক্ষৰ দ্বাৰা উত্থাপিত যিকোনো অভিযোগৰ বাবে অসম দক্ষতা বিকাশ মিছন দায়বদ্ধ নহ'ব। অসম্পূৰ্ণ সমলসমূহ নাকচ কৰা হ'ব
১৫. অসম দক্ষতা বিকাশ মিছনৰ পুৰস্কাৰপ্ৰাপ্ত ল’গ’ বা অংশগ্ৰহণকাৰীয়ে প্ৰেৰণ কৰা যিকোনো ল’গ’ৰ ব্যৱহাৰ, ছপা কৰা বা পুনৰ প্ৰস্তুত কৰাৰ অধিকাৰ থাকিব। মিছনে কোনো আগতীয়া জাননী অবিহনে প্ৰতিযোগিতাৰ নিৰ্দেশনা আৰু চৰ্তাৱলীৰ সকলো বা যিকোনো অংশ বাতিল বা সংশোধন কৰাৰ অধিকাৰ থাকিব
১৬. অসম দক্ষতা বিকাশ মিছনৰ সৈতে জড়িত/কাম কৰা ব্যক্তিয়ে বা তেওঁলোকৰ পৰিয়ালৰ সদস্যই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব
১৭. বিজয়ীয়ে পুৰস্কাৰ লাভৰ বাবে এ এছ ডি এমৰ ওচৰত প্ৰয়োজনীয় প্ৰমাণ দাখিল কৰিব লাগিব। যদি বিজয়ী প্ৰতিযোগীয়ে প্ৰতিযোগিতাৰ যিকোনো নিয়ম উলংঘা কৰা বুলি ধৰা পৰে, তেন্তে তেওঁৰ পুৰস্কাৰটো জব্দ কৰা হ’ব বা ঘূৰাই দিব লাগিব
১৮. বিজয়ীসকলে পৰিচয়ৰ অনুমোদিত প্ৰমাণ দাখিল কৰিব লাগিব