- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে ফটোগ্ৰাফী প্ৰতিযোগিতা
প্ৰকৃতিৰ অপৰূপ শোভা, চহকী ঐতিহ্য, জৈৱবৈচিত্ৰতা, জনগোষ্ঠীগত ...

প্ৰকৃতিৰ অপৰূপ শোভা, চহকী ঐতিহ্য, জৈৱবৈচিত্ৰতা, জনগোষ্ঠীগত বৈশিষ্ট্যৰ বাবে আমাৰ ৰাজ্যখন প্ৰচুৰ সম্ভাৱনাৰে ভৰা । অসমৰ নান্দনিক দৃশ্যৰাজিক বিষয়বস্তু হিচাবে লৈ জনতাৰ চৰকাৰ মাই গভ অসমে বিশ্ব ফটোগ্ৰাফী দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰিছে এক ফটোগ্ৰাফী প্ৰতিযোগিতা ।
আপোনাৰ কেমেৰাৰ লেঞ্চত ধৰা পৰা অসমৰ বিনন্দীয়া ৰূপ (উৎসৱ, খাদ্য, পৰম্পৰা, সংস্কৃতি, প্ৰকৃতি, কীৰ্তিচিহ্ন ইত্যাদি প্ৰতিফলিত হোৱা ফটো ) আমালৈ প্ৰেৰণ কৰক। শ্ৰেষ্ঠ ফটোখনে আমাৰ দ্বাৰা পাব স্বীকৃতি।
এই প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব ।
শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত ফটোসমূহ মাই গভ অসমৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ জৰিয়তে প্ৰকাশ কৰা হ’ব। লগতে শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত প্ৰথম পাঁচখন ফটোৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্বাক্ষৰ সম্বলিত এখন প্ৰশংসা পত্ৰ প্ৰেৰণ কৰা হ’ব ।
অংশগ্ৰহণকাৰীসকলে ফটোসমূহ এই শিতানৰ মন্তব্য শাখাৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব ।
ফটো প্ৰেৰণৰ অন্তিম তাৰিখ: ৫ ছেপ্তেম্বৰ, ২০২০
নিয়মাৱলী :
· এগৰাকী প্ৰতিযোগীয়ে সৰ্বাধিক ৫ খন ফটো পঠিয়াব পাৰিব ।
· ফটোৰ মানদণ্ড High Resolution হোৱাটো বাঞ্চনীয় ।
• JPG অথবা PNG format ত ফটো প্ৰেৰণ কৰাটো প্ৰয়োজনীয় ।
• ফটোৰ আকাৰ 10 এম বি তকৈ অধিক হ’ব নোৱাৰিব ।
• ফটোত কোনো কাৰণত আপত্তিজনক বিষয়বস্তু থাকিব নোৱাৰিব ।
· মোবাইল ফোন ফটোগ্ৰাফী গ্ৰহণযোগ্য ।
· ফটোৰ লগত ফটোৰ সবিশেষ পঠিওৱা বাঞ্চনীয় ।
· ফটোগ্ৰাফাৰৰ সম্পূৰ্ণ নাম ঠিকনা যোগাযোগ নম্বৰ প্ৰেৰণ কৰাটো জৰুৰী ।
· নিৰ্বাচিত ফটোসমূহ জনতাৰ চৰকাৰ মাই গভ অসমৰ সম্পত্তি হিচাবে বিবেচিত হ’ব। ফটোসমুহ জনতাৰ চৰকাৰ মাই গভ অসমৰ বিভিন্ন প্ৰকল্পত ব্যৱহাৰ কৰাৰ কৰ্তৃত্ব থাকিব ।
· প্ৰেৰণ কৰা ফটোগ্ৰাফ সমূহ সম্পূৰ্ণভাৱে নিজৰ হোৱাটো বাঞ্চনীয় ।
. চৌৰ্যবৃত্তিৰ আশ্ৰয় লোৱাৰ সম্ভেদ পালে তেনে ফটো প্ৰতিযোগিতাৰ পৰা বাতিল কৰা হ’ব ।
. আনৰ কপিৰাইটযুক্ত ফটো গ্ৰহণ কৰা নহ’ব। তেনে ক্ষেত্ৰত প্ৰেৰণকাৰী ব্যক্তিগৰাকী সম্পুৰ্ণৰূপত আইনীভাৱে দায়বদ্ধ হ’ব। এই ক্ষেত্ৰত ‘জনতাৰ চৰকাৰ মাই গভ অসম কোনোপধ্যে জগৰীয়া নহ’ব ।
Debraj Saikia 5 বছৰ 3 সপ্তাহ পূৰ্বে
Name:Debraj Saikia
Std.:Student of Jorhat Engineering College(2nd year)
Address:Choladhara,Jorhat,785001
Insta:debraj_saikia Ph.no:8134814808
1:
This was on 10 Oct.2019 when I was attending a Bhaona which was held in our village Namghar.This is a charecter called Sutradhar in Bhaona.
2:
This is a photograph of Rang-ghar in Sivasagar.I captured this image on my cellphone.
3:
This photograph is more likely to a abstract.This is a street photo of Jorhat Chouk Bazaar.Captured 26 April20'