You don't have javascript enabled. Please Enabled javascript for better performance.

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পোষ্টাৰ ডিজাইন প্ৰতিযোগিতা

Start Date: 21-05-2019
End Date: 03-06-2019

জনসংখ্যা বৃদ্ধিৰ ফলশ্ৰুতিত সমগ্ৰ বিশ্বতে অতি চিন্তনীয়ভাৱে ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

জনসংখ্যা বৃদ্ধিৰ ফলশ্ৰুতিত সমগ্ৰ বিশ্বতে অতি চিন্তনীয়ভাৱে কিছুমান পৰিৱেশকেন্দ্ৰিক সমস্যাই গা কৰি উঠিবলৈ লৈছে। ভয়াৱহভাৱে বিনষ্ট হৈছে আমাৰ চৌপাশৰ পৰিৱেশটো। আমি নজনাকৈয়ে আমাৰ বায়ুমণ্ডলৰ প্ৰতি নামি আহিছে চৰম ভাবুকি। দিনক দিনে বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ সমস্যা। কল কাৰখানা, পুৰণি গাড়ী, মটৰ-চাইকেল আদিৰ পৰা নিৰ্গত হোৱা ধোৱা ইত্যাদিৰ উপৰিও আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি অহা প্লাষ্টিকজাত সামগ্ৰীসমূহ জ্বলাই দিয়াৰ ফলতো বায়ু প্ৰদূষণৰ সমস্যাটো অধিক ভয়াৱহ হৈ পৰিছে।
দিনে দিনে বৃদ্ধি পাই অহা বায়ু প্ৰদূষণৰ এনে ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৰে মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ উদ্যোগত ‘জনতাৰ চৰকাৰ মাই গভ অসম’-ৰ ৱেব পৰ্টেলযোগে আয়োজন কৰিছে এক পোষ্টাৰ ডিজাইন প্ৰতিযোগিতাৰ।

যোগদানৰ অন্তিম তাৰিখ : ৩ জুন

প্ৰথম পুৰস্কাৰ - ১০,০০০ টকা
দ্বিতীয় পুৰস্কাৰ - ৭,০০০ টকা
তৃতীয় পুৰস্কাৰ - ৫,০০০ টকা

নিয়মাৱলী:
• অংশগ্ৰহণৰ বাবে assam.mygov.in ত পঞ্জীয়ন কৰাটো বাধ্যতামূলক।
• পোষ্টাৰত বায়ু প্ৰদূষণ সন্দৰ্ভত এক সজাগতামূলক বাৰ্তা থকাটো জৰুৰী
• ডিজাইন PDF অথবা JPG ফৰ্মেটত জমা দিব লাগিব। ফাইলৰ আকাৰ ১০MB তকৈ অধিক হ’ব নোৱাৰিব

সকলো মন্তব্য
মুঠ অৱদান ( 59) অনুমোদিত অৱদানসমূহ (54) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (5) জমা বন্ধ
Reset
54 তথ্য পোৱা গ’ল
3470

Manash Pratim Dutta 5 বছৰ 8 হিচাপপূৰ্বে

বায়ুক নিদিবা অশুদ্ধ শ্বাস
বায়ুতে আছে আমাৰ জীৱন-বাস

বায়ুক নাভাবিবা হীন
নহ'লে তুমিও হ'বাগৈ পৃথিৱীৰ ডাষ্টবিন

প্ৰদূষণে মাৰিছে বায়ুৰ মান
গছ-গছনি , সেউজ-ধৰণীয়েই ইয়াৰ একমাত্ৰ সমিধান।

33300

Kakali baishya 5 বছৰ 8 হিচাপপূৰ্বে

পৃথিৱীৰ সকলো মানুহে পৰিৱেশ পদূষন হোৱা সামগ্ৰী কমকৈ ব্যৱহাৰ কৰিলে,আৰু গছ গছনি কাটি ধ্বংস নকৰি প্ৰত্যেকেই যদি এটাকৈ গছপুলি ৰোপণ কৰে তেন্তে নিশ্চয় পৰিবেশ পদূষনৰ মাত্ৰা কমিব।

  •