You don't have javascript enabled. Please Enabled javascript for better performance.

বন্ধৰ সময়ছোৱাত আপুনি অধ্যয়ন কৰা পাঁচখন গ্ৰন্থ অথবা উপভোগ কৰা পাঁচখন চিনেমা

Start Date: 06-04-2020
End Date: 17-05-2020

ক’ভিড-১৯ -ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা ২৪ মাৰ্চ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ক’ভিড-১৯ -ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা ২৪ মাৰ্চ তাৰিখে জাৰি কৰিছে দেশজুৰি লকডাউনৰ জাননী। ২১ দিনীয়া এই লকডাউনত জনসাধাৰণক স্বাস্থ্যজনিত জৰুৰী বিধি হিচাবে নিজৰ ঘৰতে থকাৰ বাবে আহ্বান জনোৱা হৈছে। ঘৰতে থকাৰ এই দীঘলীয়া্ সময়ছোৱাত আমি পৰিয়ালৰ সৈতে কিছু মূল্যবান সময় অতিবাহিত কৰাৰ লগতে আমাৰ কিছু অভিৰুচিও পূৰণ কৰিব পাৰো। চিনেমা চোৱা অথবা কিতাপ পঢ়াতো আমাৰ বহুতৰে এক হবি। বন্ধৰ এই সময়ছোৱাত আপুনিও কিতাপ পঢ়া অথবা চিনেমা চোৱাৰ পৰিকল্পনা নিশ্চয় কৰিছে। যদি কৰিছে তেন্তে মাই গভ অসমৰ সৈতে শ্বেয়াৰ কৰক আপোনাৰ কিতাপ পঢ়া অথবা চিনেমা চোৱাৰ হবি।
বন্ধৰ সময়ছোৱাত আপুনি উপভোগ কৰা অথবা চোৱাৰ পৰিকল্পনা কৰি থকা পাঁচখন চিনেমাৰ নাম আমাক জনাওক। যদি আপুনি কিতাপ পঢ়ি ভাল পায়, তেন্তে আপুনি পঢ়ি থকা অথবা পঢ়াৰ পৰিকল্পনা কৰি থকা পাঁচখন গ্ৰন্থৰ নাম আমাক জনাওক।
গ্ৰন্থ অথবা চিনেমাৰ নাম সমূহ তলত মন্তব্য আকাৰে জনাব পাৰে।

সকলো মন্তব্য
Total Submissions ( 99) Approved Submissions (99) Submissions Under Review (0) জমা বন্ধ
Reset
99 তথ্য পোৱা গ’ল

Mrinal Kumar Dewraja 6 বছৰ 1 monthপূৰ্বে

বন্ধৰ সময়ছোৱাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগত অনলাইন পাঠদানত ব্যস্ত থকাৰ লগতে অধ্যয়ন কৰা গ্ৰন্থসমূহ-মেৰেং,ৰূপোৱালী নৈৰ সোণোৱালী ঘাট,গৃহযুদ্ধ,আত্মানুসন্ধান,মৰিগাঁও জিলাৰ লোক সংস্কৃতি।

Mouchum Kaushik 6 বছৰ 1 monthপূৰ্বে

বন্ধত মই উপভোগ কৰা চিনেমা :
১/ Bharat
২/ Padman
৩/ Toilet ek prem katha
৪/ Special 26
৫/ Half girlfriend

মই পঢ়া পাঁচ খন গ্ৰন্থ :
১/ আলিমুৰৰ কেঁকুৰী
২/ A History of Assam
৩/ কিতাপ পঢ়াৰ আনন্দ
৪/ তেজস্বী মন