You don't have javascript enabled. Please Enabled javascript for better performance.

নগৰীয়া সেউজ আৱৰণৰ সুৰক্ষা

Start Date: 12-11-2021
End Date: 31-12-2021

নগৰ আৰু চহৰবোৰৰ উন্নয়নৰ লগে লগে ক্রমাৎ সেউজীয়া পৰিবেশ থকা ঠাইবোৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
নগৰীয়া সেউজ আৱৰণৰ সুৰক্ষা

নগৰ আৰু চহৰবোৰৰ উন্নয়নৰ লগে লগে ক্রমাৎ সেউজীয়া পৰিবেশ থকা ঠাইবোৰ নাইকিয়া হয়, যাৰ ফলত পৰিবেশে ভাৰসাম্য হেৰোৱাই প্ৰদূষিত বায়ু, উষ্ণতা বৃদ্ধি আৰু অস্বাস্থ্যকৰ অৱস্থা সৃষ্টিৰ দিশে গতি কৰে। নগৰ পৰিকল্পনাত সেউজীয়া ঠাই অন্তৰ্ভুক্ত কৰি নগৰীয়া অঞ্চলবোৰ সেউজীয়া আৰু স্বাস্থ্যকৰ কৰি তোলাটো বর্তমান অপৰিহাৰ্য হৈ পৰিছে।
যদি আপুনি আপোনাৰ ঘৰ আৰু এলেকাত সেউজকৰণৰ দিশত আগ্ৰহী নগৰীয়া বাসিন্দা আৰু এই সন্দৰ্ভত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে, তেন্তে আপোনাৰ সেই পদক্ষেপ সম্পর্কীয় লেখা, ফটো বা ভিডিঅ’ আমালৈ পঠিয়াওক।

শ্ৰেষ্ঠ প্ৰৱিষ্টি আগবঢ়োৱাজনক ডিজিটেল মানপত্ৰৰে পুৰস্কৃত কৰা হ'ব আৰু শ্রেষ্ঠ হিচাপে বিবেচিত লেখা/ফটো/ভিডিঅ’ মাই গভ্ অসমৰ সমূহ অনলাইন প্লেটফর্মত প্ৰদৰ্শন কৰা হ’ব।

প্রৱিষ্টি দাখিলৰ অন্তিম তাৰিখ: : ১২ ডিচেম্বৰ, ২০২১

নিয়মাৱলী

ফটো বা ভিডিঅ’ ৰূপত প্রৱিষ্টিসমূহ এটা বিৱৰণৰ সৈতে ‘মাই গভ্ অসম’ৰ কার্য শিতানত দাখিল কৰিব লাগিব

প্রেৰকৰ নাম, ঠিকনা, ইমেইল আই ডিসহ যোগাযোগৰ সবিশেষ উল্লেখ কৰাটো বাধ্যতামূলক

প্রেৰণ কৰা ফটো/ভিডিঅ’সমূহ মাই গভ্ অসমৰ সামাজিক মাধ্যম প্লেটফর্মত ব্যৱহাৰযোগ্য হিচাপে অনুমোদিত বুলি বিবেচিত হ’ব

সকলো মন্তব্য
মুঠ অৱদান ( 19) অনুমোদিত অৱদানসমূহ (0) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (19) জমা বন্ধ