You don't have javascript enabled. Please Enabled javascript for better performance.

দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা : আজাদী কা অমৃত মহোৎসৱ

Start Date: 11-08-2022
End Date: 15-08-2022

দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ উদযাপন ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ উদযাপন আৰু ‘ঘৰে ঘৰে জাতীয় পতাকা’ কাৰ্যসূচী দেশজুৰি পালন কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তত ব্যক্তি, দল-সংগঠন, প্ৰতিষ্ঠান আদিয়ে নিজ ধৰণে অতি উলহ-মালহেৰে এই কাৰ্যসূচী উদযাপন কৰি আছে।

আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে মাইগভ্ অসমে সকলো বয়সৰ লোকৰ বাবে আয়োজন কৰিছে দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা। এককভাৱে দেশপ্ৰেমমূলক গীত এটিৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি আমালৈ প্ৰেৰণ কৰক। ভিডিঅ’টোত আমাৰ দেশৰ গৌৰৱৰ প্ৰতীক জাতীয় পতাকা লগত থকাটো বাধ্যতামূলক। আপোনাৰ নাম, যোগাযোগ নম্বৰ ঠিকনাসহ তলৰ মন্তব্য শাখাত ভিডিঅ'টো পোষ্ট কৰক। আপুনি আপোনাৰ পছন্দৰ যিকোনো ভাৰতীয় ভাষাৰ গীত গাব পাৰে।

মাইগভ্ অসমে শীৰ্ষ পাঁচগৰাকী বিজয়ীক নিৰ্বাচন কৰিব আৰু তেখেতসকলৰ ভিডিঅ’ সকলো সামাজিক মাধ্যমৰ প্লেটফৰ্মত শ্বেয়াৰ কৰা হ’ব। ইয়াৰ লগতে শীৰ্ষ পাঁচগৰাকীলৈ প্ৰশংসা-পত্ৰ মেইলযোগে প্ৰেৰণ কৰা হ'ব।

অন্তিম তাৰিখ :১৫ আগষ্ট, ২০২২

কেনেকৈ পঠিয়াব?

১) ভিডিঅ' ৰেকৰ্ড কৰক

২) যিকোনো সামাজিক মাধ্যমৰ প্লেটফৰ্ম/ গুগল ড্ৰাইভ এটাত আপলোড কৰক

৩) ভিডিঅ'টিৰ লিংক তলৰ মন্তব্য শাখাত শ্বেয়াৰ কৰক

সকলো মন্তব্য
মুঠ অৱদান ( 17) অনুমোদিত অৱদানসমূহ (0) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (17) জমা বন্ধ