You don't have javascript enabled. Please Enabled javascript for better performance.

গণৰাজ্য দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা

Start Date: 22-01-2021
End Date: 25-01-2021

ভাৰতৰ সংবিধানৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনটো ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ভাৰতৰ সংবিধানৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাবে পালন কৰি অহা হৈছে। এই দিৱসৰ লগত সংগতি ৰাখি জনতাৰ চৰকাৰ মাই গভ অসমে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আয়োজন কৰিছে এখনি অনলাইন চিত্ৰাংকন প্ৰতিযোগিতা।
বিষয়বস্তু ঃ গণৰাজ্য দিৱস পালন
অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে চিত্ৰ প্ৰেৰণ কৰিব পাৰিব ।
চিত্ৰ প্ৰেৰণৰ অন্তিম তাৰিখ ঃ ২৫ জানুৱাৰী, ২০২১

প্ৰতিযোগীসকলে তলত মন্তব্য আকাৰে নিজৰ চিত্ৰসমূহ প্ৰেৰণ কৰিব লাগিব ।

শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত চিত্ৰখনৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ স্বাক্ষৰ সম্বলিত একোখন প্ৰশংসা পত্ৰ আগবঢ়োৱা হ’ব লগতে মাই গভ অসমৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ জৰিয়তে ২৬ জানুৱাৰীৰ দিনা প্ৰকাশ পাবলগীয়া গণৰাজ্য দিৱসৰ শুভেচ্ছা বাৰ্তাত চিত্ৰখন ব্যৱহাৰ কৰা হ’ব ।

নিয়ম আৰু চৰ্তাৱলী:
• প্ৰতিযোগীয়ে অংকন কৰা চিত্ৰ স্কেন (Scanned Copy) কৰি প্ৰেৰণ কৰাটো প্ৰয়োজনীয়
• চিত্ৰসমূহ assam.mygov.in ৰ কাৰ্য শিতানৰ মন্তব্য শাখাৰ যোগেদি প্ৰেৰণ কৰিব লাগিব
• স্কেন কপি ১০ এম.বি.তকৈ সৰু হোৱাটো বাঞ্চনীয়
• প্ৰতিযোগীসকলে চিত্ৰ অংকন কৰোতে ৱাটাৰ কালাৰ, পোষ্টাৰ কালাৰ, ক্ৰেয়ন, পেঞ্চিল ইত্যাদি ব্যৱহাৰ কৰিব পাৰিব
• প্ৰতিযোগীসকলে নিজৰ শ্ৰেণী,বয়স আৰু ফোন নম্বৰ উল্লেখ কৰাটো বাধ্যতামূলক
• এগৰাকী প্ৰতিযোগীৰ পৰা এখন চিত্ৰহে গ্ৰহণ কৰা হ’ব
• বিজয়ী নিৰ্বাচনৰ ক্ষেত্ৰত মাই গভ অসমৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ’ব

সকলো মন্তব্য
মুঠ অৱদান ( 11) অনুমোদিত অৱদানসমূহ (0) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (11) জমা বন্ধ