You don't have javascript enabled. Please Enabled javascript for better performance.

আপুনি ৰোৱা গছৰ সৈতে চেল্ফি

Start Date: 03-06-2017
End Date: 10-07-2017

১ জুলাইৰ পৰা ৭ জুলাই ২০১৭ লৈ ৬৮তম বন মহোৎসৱ ৰাজ্যজুৰি পালন কৰা হ’ব। ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

১ জুলাইৰ পৰা ৭ জুলাই ২০১৭ লৈ ৬৮তম বন মহোৎসৱ ৰাজ্যজুৰি পালন কৰা হ’ব। সপ্তাহজোৰা এই অনুষ্ঠানৰ কাৰ্যসূচী সমূহৰ ভিতৰত আছে গছপুলি ৰোপণৰ লগতে বনানিকৰণ আৰু সমাজত ইয়াৰ প্ৰভাৱে আৰু বহনক্ষম পাৰিপাৰ্শ্বিক ভাৰসাম্যতা সম্পৰ্কে ব্যাপক সজাগতা অভিযান।

যিহেতু প্ৰকৃতিয়ে আমাৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, সেয়েহে আমাৰ সমৃদ্ধিৰ বাবে প্ৰকৃতিক সুৰক্ষা প্ৰদান আৰু সংৰক্ষণ কৰাটো হৈছে আমাৰ কৰ্তব্য। এই সৰোগত কৰি আহক আমি আটায়ে আমাৰ মাতৃস্বৰূপ প্ৰকৃতিৰ সৈতে থকা আমাৰ সৌহাদ্যপূৰ্ণ সম্বন্ধ আৰু প্ৰকৃতিয়ে মানৱ জাতিলৈ আগবঢ়োৱা অৱদানৰ শলাগ লওঁ। গছপুলি ৰোপণ, আৱৰ্জনা নিষ্কাষণ, পাকঘৰৰ আৱৰ্জনা হ্ৰাসকৰণ, আৱৰ্জনা পৃথকীকৰণ, বিদ্যুত আৰু পানী ৰাহি, পৰিৱেশ অনুকূল সামগ্ৰীৰ ব্যৱহাৰ, প্লাষ্টিক আৱৰ্জনা বৰ্জন আৰু প্লাষ্টিকৰ বিকল্প সামগ্ৰীৰ ব্যৱহাৰ ইত্যাদিৰ জৰিয়তে আমি পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰিব পাৰো।

এই বন মহোৎসৱ সপ্তাহত গছ ৰোপণ কৰি থকা সময়ত আপুনি তোলা চেল্ফিখন আমাৰ সৈতে শ্বেয়াৰ কৰক আৰু এখন সেউজীয়া আৰু নিকা অসম গঢ়াত আমাক সহায় কৰক। শ্ৰেষ্ঠ চেল্ফিখনে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এখন প্ৰশস্তিপত্ৰ লাভ কৰিব। ফটোখনৰ লগত গছজোপাৰ নাম আৰু ঠাইখনৰ নাম উল্লেখ কৰিবলৈ নাপাহৰিব।

ফটো ৫ জুনৰ পৰা ১০ জুলাই, ২০১৭ ৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।

চৰ্তাৱলী :
• অংশগ্ৰহকাৰীসকলে গছপুলিৰ নাম উল্লেখ কৰাটো প্ৰয়োজনীয়।
• এগৰাকী ব্যক্তিয়ে কমেও এটা গছপুলি ৰোপণ কৰিব লাগিব।
• চেল্ফিখন আপুনি নিজে ৰোপণ কৰা গছপুলিটোৰ সৈতে উঠা হ’ব লাগিব।
• জালিয়াতিৰে উঠা চেল্ফি পঠিয়ালে অংশগ্ৰহণ বাতিল কৰা হ’ব।
• গছপুলি ৰোপণ কৰা ঠাইখনৰ নাম উল্লেখ কৰাটো বাঞ্চনীয়।
• পুৰস্কাৰ বিজয়ী সকলৰ নাম চূড়ান্ত কৰাৰ আগতে আমাৰ স্থানীয় প্ৰতিনিধিসকলৰ এগৰাকীয়ে নিৰ্দিষ্ট স্থানডোখৰ পৰিদৰ্শন কৰিব।
• গছপুলিটো মাজে মাজে পৰীক্ষা কৰাৰ বাবে স্থানীয় প্ৰতিনিধি গৰাকীয়ে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে স্থানডোখৰ পৰিদৰ্শন কৰিব পাৰে।

সকলো মন্তব্য
মুঠ অৱদান ( 80) অনুমোদিত অৱদানসমূহ (77) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (3) জমা বন্ধ
Reset
77 তথ্য পোৱা গ’ল
300

Mintu Das 8 বছৰ 3 দিন পূৰ্বে

সৌৰামুৰী চন্দ্ৰপূৰ ইয়ঙ বয়জ ক্লাৱৰ উদ্যোগত আয়োজিত কৰা বৃক্ষ ৰোপন প্ৰনালী আৰু প্ৰকৃতি সুৰক্ষা কৰাৰ কিছু আলোচনা মূহুৰ্তত ।

300

Mintu Das 8 বছৰ 3 দিন পূৰ্বে

সৰু লৰা ছোৱালীৰ দ্বাৰা আমি আমাৰ ক্লাৱত গছ গছনি ৰোৱাৰ চেষ্টা চলাইছো আৰু প্ৰকৃতি সুৰক্ষা কৰাৰ কিছু আলোচনা কৰা হৈছে ।

300

Neelam Anatar Sivasagar 8 বছৰ 5 দিন পূৰ্বে

Our Zubeen Fan Club have appealed not to hammer nails into trees as it interferes with the growth of trees. The Zubeen Fan Club of Sivasagar is raising its voice against the task of hammering nails into trees.They opposed the task of hammering nails into trees in order to set hoardings. The Zubeen Fan Club has already submitted a memorandum to administrative authorities.