You don't have javascript enabled. Please Enabled javascript for better performance.

অসম ৰাজ্যিক পৰিবহণ নিগমৰ উবেৰাইজেচন আঁচনিৰ বাবে ল’গ’ ডিজাইন প্ৰতিযোগিতা

Start Date: 03-02-2020
End Date: 02-03-2020

অসম বাজেট ২০১৯-২০ ত এক বিশ্বাসযোগ্য, নিৰাপদ আৰু নিয়মিত ৰাজহুৱা ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসম বাজেট ২০১৯-২০ ত এক বিশ্বাসযোগ্য, নিৰাপদ আৰু নিয়মিত ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ সুদৃঢ়কৰণৰ লক্ষ্যৰে ‘উবেৰাইজেচন আঁচনি’ নামেৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাবে এক গুৰুত্বপূৰ্ণ আঁচনি ঘোষণা কৰা হৈছিল। এই আঁচনিয়ে বাছৰ পৰিচালনা ব্যয় সুনিশ্চিত কৰাৰ লগতে ইয়াৰ জৰিয়তে ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ অধীনত যান-বাহনৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে যুৱ উদ্যোগী, ক্ষুদ্ৰ উদ্যোগী আৰু আত্মসহায়ক গোটসমূহক পৰিবহণ উদ্যোগ খণ্ডৰ সৈতে জড়িত হোৱাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিব।
উবেৰাইজেচন আঁচনিৰ উদ্দেশ্য সাৰ্থক কৰাৰ লক্ষ্যৰে অসম ৰাজ্যিক পৰিবহণ নিগমে এক অনলাইন ল’গ’ আৰু টেগলাইন ডিজাইন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই ল’গ’ৰ দ্বাৰা অসমৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক স্বকীয়তাৰ লগতে উবেৰাইজেচন আঁচনিৰ মূল উদ্দেশ্য প্ৰতিফলিত হোৱাটো বাধ্যতামূলক ।

প্ৰতিযোগীসকলে তেওঁলোকৰ ল'গ' আৰু টেগলাইন প্ৰয়োজনীয় তথ্যসহ তলত মন্তব্য আকাৰেৰে প্ৰেৰণ কৰিব পাৰে ৷

প্ৰথম পুৰস্কাৰ – ৫০,০০০ টকা
দ্বিতীয় পুৰস্কাৰ – ২৫,০০০ টকা
তৃতীয় পুৰস্কাৰ – ১৫,০০০ টকা
যোগ্যতা –
1. প্ৰতিযোগীগৰাকী ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক
2. নিৰ্ধাৰিত বয়সৰ ঊৰ্দ্ধ সীমা – ২১ বছৰ
3. এগৰাকী প্ৰতিযোগীৰ পৰা এটাতকৈ অধিক ল’গ’ গ্ৰহণ কৰা নহ’ব ।

ল’গ’ প্ৰেৰণৰ অন্তিম তাৰিখ – ২৯/০২/২০২০

অধিক তথ্য আৰু নিয়মাৱলীসমূহৰ বিষয়ে সবিশেষ জানিবলৈ ক্লিক কৰক

সকলো মন্তব্য
Total Submissions ( 169) Approved Submissions (140) Submissions Under Review (29) জমা বন্ধ
Reset
140 তথ্য পোৱা গ’ল

monica gogoi 5 বছৰ 9 হিচাপপূৰ্বে

Tagline: আমাৰ বাহন, অসম ৰাজ্যিক পৰিবহণ
Description: Rhino symbolises Assam and its culture, Road symbolises the transport scheme, and bulidings symbolise progress and development.
Name: Monica Gogoi
College: Presidency University (Kolkata)
Age: 21
Address: Holia Gaon, PO- Chaliha, Dist- Jorhat, 785004
Email: monicagogoi98@gmail.com