You don't have javascript enabled. Please Enabled javascript for better performance.

অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগ আয়োজন কৰিছে ই-ৰচনা প্ৰতিযোগিতা

Start Date: 05-12-2017
End Date: 13-01-2018

‘এডভান্টেজ আচাম’- বিশ্ব বিনিয়োগ সন্মিলন ২০১৮ ৰ লগত সংগতি ৰাখি অসমৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

‘এডভান্টেজ আচাম’- বিশ্ব বিনিয়োগ সন্মিলন ২০১৮ ৰ লগত সংগতি ৰাখি অসমৰ উচ্চ শিক্ষা বিভাগ আয়োজন কৰিছে ই-ৰচনা প্ৰতিযোগিতা

নিম্ন উল্লেখিত বিশ্ববিদ্যালয়সমূহৰ অধীনৰ মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা ই-ৰচনা বিচৰা হৈছে-
•গুৱাহাটী বিশ্ববিদ্যালয়্, গুৱাহাটী
•ডিব্ৰুগড় বিশ্ববুদ্যালয়, ডিব্ৰুগড়
•তেজপুৰ বিশ্ববিদ্যালয়, তেজপুৰ
•কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় বৰপেটা
•ডন বস্কো বিশ্ববিদ্যালয়, গুৱাহাটী
•অসম বিশ্ববিদ্যালয়, শিলচৰ
নিম্ন উল্লেখিত যিকোনো এটা বিষয় সন্দৰ্ভত প্ৰতিযোগীসকলে ই-ৰচনা লিখি MyGov Assam লৈ প্ৰেৰণ কৰিব পাৰে|
১. বিনিয়োগ আৰু উদ্যোগ তথা উৎপাদন গোট স্থাপন কৰাৰ ক্ষেত্ৰত বিনিয়োগকাৰীৰ বাবে অসমৰ পৰিৱেশ যথেষ্ট সৌহাৰ্দ্যপূৰ্ণ
২. পথ সংযোগ ব্যৱস্থা আৰু প্ৰাকৃতিক সম্পদত চহকী ৰাজ্য হিচাবে দেশৰ আন ৰাজ্যতকৈ অসমে বিনিয়োগকাৰীক আাকৰ্ষণ কৰাৰ যথেষ্ট থল আাছে
৩. পৰ্যটন ক্ষেত্ৰৰ প্ৰসাৰৰ দ্বাৰা আমি কেনেদৰে অসমক এখন বিনিয়োগ অনুকূল ৰাজ্য হিচাবে প্ৰতিষ্ঠা কৰাৰ লগতে ৰাজ্যখনক সকলো ঋতুৰ পৰ্যটনস্থলী হিচাবে গঢ় দিব পাৰো?

ৰচনা প্ৰেৰণৰ অন্তিম তাৰিখ – ১৩ জানুৱাৰী, ২০১৮

পুৰস্কাৰ
• শ্ৰেষ্ঠ প্ৰথম ৫ খন ৰচনাৰ বাবে নগদ ১০,০০০ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব
• ৰচনা প্ৰতিযোগিতাত দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিত প্ৰতিখন বিশ্ববিদ্যালয়ৰ ৫ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক অহা ৩ আৰু ৪ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ‘এডভান্টেজ আচাম’- বিশ্ব বিনিয়োগ সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হ’ব।
• আমন্ত্ৰিত ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে একোখন বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষকৰ বাবে থকাৰ ব্যৱস্থা কৰা হ’ব।

চৰ্তাৱলী
প্ৰতিযোগীসকলে নিৰ্দিষ্ট যিকোনো এটা বিষয়হে নিৰ্বাচন কৰিব লাগিব|
ৰচনাৰ শব্দ ১৫০০ টাতকৈ অধিক হ’ব নোৱাৰিব|
অসমীয়া অথবা ইংৰাজী দুয়োটা ভাষাই গ্ৰহণ কৰা হ’ব|

সকলো মন্তব্য
মুঠ অৱদান ( 157) অনুমোদিত অৱদানসমূহ (157) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (0) জমা বন্ধ
Reset
157 তথ্য পোৱা গ’ল
747610

Rumen Alam Barbhuiya 7 বছৰ 4 হিচাপপূৰ্বে

Submitted by Rumen Alam Barbhuiya, Nabin Chandra College, Badarpur. TDC final semester, (Arts). Contact number-9101343641. Email Id- rumenalam0@gmail.com . Topic- How do we create an investment friendly atmosphere to boost tourism in Assam and turn it into one of the most sought after destinations of the world?