- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
অসম কৃষিবন উন্নয়ন পৰিষদৰ বাবে ল’গ’ ডিজাইন আৰু টেগলাইন প্রতিযোগিতা
অসম কৃষিবন উন্নয়ন পৰিষদৰ বাবে ল’গ’ ডিজাইন আৰু টেগলাইন ...

অসম কৃষিবন উন্নয়ন পৰিষদৰ বাবে ল’গ’ ডিজাইন আৰু টেগলাইন প্রতিযোগিতা
কৃষিবন হৈছে বৈজ্ঞানিকভাৱে কৃষিজাত শস্যৰ সৈতে উপযুক্ত গছৰ কৃষিকৰ্ম আৰু এই প্ৰক্ৰিয়াৰ জৰিয়তে কৃষি অনুপযোগী পতিত ভূমি, নদীৰ পাৰ আদিত গছপুলি ৰোপণ কৰিব পাৰি। ই হৈছে কৃষকসকলৰ বাবে উপাৰ্জন বৃদ্ধিৰ বাবে এক অনন্য উপায়। সেয়েহে কৃষিবন পাৰিপাৰ্শ্বিক আৰু অৰ্থনৈতিক দুয়োটা দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ।
কৃষকসকলক (উৎপাদক) বজাৰৰ সৈতে সংযুক্ত কৰাৰ লক্ষ্যৰে স্থাপন কৰা হৈছে ‘অসম কৃষিবন উন্নয়ন পৰিষদ’ । এই পৰিষদে বাণিজ্যিকভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ কাঠ, ৰেচমৰ পোষক, ঔষধি গুণসম্পন্ন প্ৰজাতি, অগৰু, বাঁহ, চন্দন কাঠ, তেলবীজ আৰু অন্যান্য প্ৰজাতিৰ গছৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ই উদ্যোগলৈ উন্নতমানৰ ফীড ষ্টকৰ ঘৰুৱা যোগান বৃদ্ধিত যথেষ্ট অৰিহণা যোগাব।
মাই গভ্ অসমৰ সহযোগত অসম কৃষিবন উন্নয়ন পৰিষদে আয়োজন কৰিছে এক ল’গ’ ডিজাইন আৰু টেগলাইন লিখা প্ৰতিযোগিতা। ইচ্ছুকসকলে নিজৰ ল’গ’ আৰু টেগলাইন আমালৈ প্ৰেৰণ কৰি এই প্রতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।
পুৰস্কাৰ
ল’গ’ ডিজাইন : ১০,০০০ টকা
টেগলাইন লিখা : ৫,০০০ টকা
শ্ৰেষ্ঠ হিচাপে নিৰ্বাচিত ল’গ’ আৰু টেগলাইন অসম কৃষিবন উন্নয়ন পৰিষদৰ অফিচিয়েল ল’গ’ আৰু টেগলাইন হিচাপে ব্যৱহাৰ কৰা হ'ব।
ল’গ’ আৰু টেগলাইন পঠোৱাৰ অন্তিম তাৰিখ : ১৭ জানুৱাৰী, ২০২২
চৰ্তাৱলী
.• ল’গ’ আৰু টেগলাইনৰ জৰিয়তে অসম কৃষিবন উন্নয়ন পৰিষদৰ উদ্দেশ্য প্ৰতিফলিত হোৱাটো বাঞ্ছনীয়
• ল’গ’/টেগলাইন assam.mygov.in ৰ কাৰ্য শিতানৰ জৰিয়তে মন্তব্য আকাৰে প্ৰেৰণ কৰিব লাগিব
• নিৰ্বাচিত ল’গ’/টেগলাইন অসম চৰকাৰৰ সম্পত্তি হিচাপে গণ্য কৰা হ'ব
• প্ৰেৰকে নিজৰ নাম, ঠিকনা, ফোন নম্বৰ আৰু ই-মেইল আই ডি উল্লেখ কৰিব লাগিব
• টেগলাইন ‘অৰিজিনেল’ হোৱাৰ লগতে ৩-১০টা শব্দৰ ভিতৰত হোৱাটো জৰুৰী
• ল’গ’ৰ ডিজাইন ফ্লেট হ'ব লাগিব। কোনো 3D বা Shadow Effect থাকিব নালাগিব
• ভেক্টৰ ছফ্টৱেৰত নিৰ্মিত ল’গ’ক প্ৰাধান্য দিয়া হ'ব
• ডিজাইন ছফ্টৱেৰৰ নাম উল্লেখ কৰাটো বাধ্যতামূলক
• ৰঙৰ ব্যৱহাৰত কোনো বাধা নাই
• ল’গ’ৰ চমু বিৱৰণ প্ৰদান কৰাটো বাধ্যতামূলক
• ল’গ’ JPG বা PNG ফৰ্মেটত প্ৰেৰণ কৰিব লাগিব
• কোনো ধৰণৰ চৌৰ্যবৃত্তিৰ আশ্ৰয় ল’ব নোৱাৰিব আৰু কপিৰাইট সুৰক্ষিত ফটোগ্ৰাফ, আইকন, চিহ্ন, ছবি আদি থকা ল’গ’ গ্ৰহণ কৰা নহ'ব। অংশগ্ৰহণকাৰীয়ে তেওঁলোকৰ ল’গ’ ডিজাইনত ছাপ বা ৱাটাৰমাৰ্ক ব্যৱহাৰ কৰিব নোৱাৰিব। প্ৰেৰণ কৰা প্ৰবিষ্টি সম্পূৰ্ণ নিজা হ’ব লাগিব।
• এগৰাকী অংশগ্ৰহণকাৰীয়ে এটাতকৈ অধিক ল’গ’ বা টেগলাইন প্ৰেৰণ কৰিব নোৱাৰিব