- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
অসমৰ প্ৰদূষণমুক্ত সেউজ জিলা
মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্য ...

মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰধান লক্ষ্যসমূহৰ অন্যতম এটা লক্ষ্য হৈছে অসমক প্ৰদূষণমুক্ত ৰাজ্য হিচাবে গঢ়ি তোলা। অসম চৰকাৰে পৰিৱেশ সংৰক্ষণৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাৰ লগতে পৰ্যটক সকলৰ বাবে পৰিৱেশ পৰ্যটনৰ মূল কেন্দ্ৰ হিচাবে গঢ়ি তুলিবলৈ সৰ্বতো প্ৰকাৰৰ প্ৰচেষ্টা হাতত লৈছে।
অসমক প্ৰদূষণমুক্ত হিচাবে গঢ়ি তুলিবলৈ কৰা এক প্ৰচেষ্টাৰ অংশ হিচাবে ৰাজ্য চৰকাৰে “অসমৰ শ্ৰেষ্ঠ প্ৰদূষণমুক্ত সেউজ জিলা” শীৰ্ষক এক প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিখন জিলাই অংশ ল’বলগীয়া এই প্ৰতিযোগিতাৰ জৰিয়তে ৰাইজৰ মাজত পৰিৱেশ সজাগতা বৃদ্ধিৰ লগতে সংশ্লিষ্ট জিলা সমূহত পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ’ব। এই প্ৰতিযোগিতাৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে গছপুলি ৰোপণ, চমু দুৰত্ব অতিক্ৰম কৰিবলৈ গাড়ীৰ পৰিৱৰ্তে চাইকেলৰ ব্যৱহাৰ, প্লাষ্টিক নিষিদ্ধকৰণ, আৱৰ্জনা পৃথকীকৰণ, সামগ্ৰীৰ পুনৰ ব্যৱহাৰ ইত্যাদিৰ ওপৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ উৎসাহ প্ৰদান কৰা হ’ব।
অসমক এখন প্ৰদূষণমুক্ত ৰাজ্য হিচাবে গঢ়ি তুলিব পৰাকৈ প্ৰতিখন জিলাকে পৰিৱেশ সংৰক্ষণ আৰু পৰিৱেশ অনুকূল প্ৰচেষ্টাৰ ওপৰত নিৰ্ভৰ কৰি মূল্যায়ন কৰা হ’ব। এই প্ৰদূষণমুক্ত অভিযানত ৰোপণ কৰা গছপুলিসমূহ ডাঙৰ নোহোৱা পৰ্যন্ত প্ৰতিপালন কৰাটো প্ৰতিখন জিলাৰে দায়িত্ব।
যিখন জিলাই দক্ষতাৰে এই পদক্ষেপসমূহ গ্ৰহণ কৰি কাৰ্যকৰী কৰিব সেইখন জিলাকে বছৰৰ শেষত পুৰস্কৃত কৰা হ’ব আৰু সেইখন জিলাই অসমৰ শ্ৰেষ্ঠতম প্ৰদূষণমুক্ত সেউজ জিলাৰ খিতাপ লাভ কৰিব।
পুৰস্কাৰ : নগদ ধন ৪০,০০০ টকা আৰু প্ৰশংসা পত্ৰ
sukanya dey 8 বছৰ 1 monthপূৰ্বে
There is an urgent need for solution to pollution.1.disposing huge lump of garbage through landfilling at low lying ares instead of burning them.2.no disposal of idols at water bodies.3. judicious use of resources.4.strict penalty for littering garbage anywhere.Afterall we dont want to gift a barren earth to our next generation.
Paulomi Mukherjee 8 বছৰ 1 monthপূৰ্বে
Battery cars to be used for short stop destinations.
Proper garbage provisions
Well connected drainage system with proper establish sewers at every lanes
disposal of garbage well maintained and checked regularly by the local municipalities.
more establishments of well regulated greenery parks with security provisions .
subsidies to be awarded to encourage large scale plantations.
cctvs to be installed to check security provisions.
use of plastic bags to be totally dismissed.