- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
অংগনবাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণ শৈলীৰ প্ৰতিযোগিতা
সমাজ কল্যাণ বিভাগে অংগনবাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণ শৈলী (পৰিকল্পনা ...

সমাজ কল্যাণ বিভাগে অংগনবাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণ শৈলী (পৰিকল্পনা আৰু হিচাব) ৰ বাবে ডিজাইন আহ্বান কৰিছে। নিৰ্মাণ শৈলী সমূহে অংগনবাড়ী ভৱন সমূহক এটা আটকধুনীয়া গঠন দিয়াৰ লগতে অন্তৰভাগৰ সজ্জাই শিশু সকলক আকৰ্ষিত কৰা হ’ব লাগে। ভৱনসমূহৰ ডিজাইনত কিছুমান নূন্যতম দিশ-নিৰ্দেশনা তলত উল্লেখ কৰা হ’ল –
নিয়মাৱলী :
• ডিজাইন সমূহ ডিজিটেল ফৰমেটত PDF হিচাবে পঠিওৱা বাঞ্চনীয়।
• এগৰাকী অংশগ্ৰহণকাৰীয়ে মাথো এটা ডিজাইনহে প্ৰেৰণ কৰিব পাৰিব। এটাতকৈ অধিক ডিজাইন প্ৰেৰণ কৰিলে সেই অংশগ্ৰহণ বাতিল কৰা হ’ব।
• ডিজাইন সমূহ নিজা সৃষ্টি হোৱাটো বাঞ্চনীয়। আনৰ পৰা কোনো ধৰণৰ ডিজাইন কপি কৰা হ’ব নোৱাৰিব।
• অংশগ্ৰহনকাৰী গৰাকী নিজেই এই ডিজাইন সৃষ্টিকাৰী হোৱাটো প্ৰয়োজন।
কাৰিকৰী নিৰ্দেশনা:
• এটা ৫০০ বৰ্গ ফুটৰ কোঠা লগতে প্ৰায় ৬০০ বৰ্গফুটৰ এক খেলা ধূলা কৰা মুকলি ঠাই।
• এখন মুকলি বাৰাণ্ডাৰ সৈতে এটা ৰান্ধনি কোঠা।
• খোৱা পানীৰ ব্যৱস্থা আৰু শিশু অনুকূল শৌচাগাৰ।
• ভৱন নিৰ্মাণৰ খৰছ সাত লাখ টকাতকৈ অধিক হ’ব নোৱাৰিব। যিহেতু এই প্ৰকল্প MGNREGA ৰ সৈতে সাঙুৰি লোৱা হ’ব, গতিকে MGNREGA ৰ নীতি মানি চলিব লাগিব যিটো ৬০% মুঠ মুল্য ৱেজ কম্পনেন্টৰ বাবে আৰু ৪০% মেটেৰিয়েল কম্পনেন্টৰ বাবে ৰখা হ’ব। ভৱনৰ ডিজাইনে এই নিয়ম প্ৰতিফলিত কৰিব লাগিব।
• ডিজাইনসমূহ ব্লক কাৰ্যালয়/পঞ্চায়ত কাৰ্যালয় অথবা স্থানীয় গোটসমূহে নিৰ্মাণ কৰিব পৰা হ’ব লাগিব।
• পৰিৱেশ অনুকূল ডিজাইন আৰু নিৰ্মাণত পৰিৱেশ অনুকূল সামগ্ৰীৰ ব্যৱহাৰক প্ৰাধান্য দিয়া হ’ব।
• পাহাৰীয়া, ভৈয়াম আৰু অন্যান্য অঞ্চলৰ বাবে ভিন্ন ধৰণৰ ডিজাইন হ’ব পাৰে।
প্ৰথম তিনিটা ডিজাইনক নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব।
প্ৰথম পুৰস্কাৰ : ৫০,০০০ টকা
দ্বিতীয় পুৰস্কাৰ : ২৫,০০০ টকা
তৃতীয় পুৰস্কাৰ : ১৫,০০০ টকা
অংশগ্ৰহণৰ অন্তিম তাৰিখ : ১ মে, ২০১৭
Kapil Dev Choudhury 8 বছৰ 1 সপ্তাহ পূৰ্বে
Please find attached herewith proposal for Anganwadi Centres..
Regards
Kapil Dev Choudhury
Architect
9508542284
TAMOJYOTI BOSE 8 বছৰ 1 সপ্তাহ পূৰ্বে
4. The participant must be the same person who has written the essay and plagiarism would not be allowed.
The aforesaid point no 4 under terms and conditions is not understood