You don't have javascript enabled. Please Enabled javascript for better performance.

মৌপালনেৰে স্বাৱলম্বী যোৰহাটৰ লীলা চৰণ দত্ত

Start Date: 20-08-2018
End Date: 20-08-2018
যোৰহাটৰ চাৰিগাঁও নিৱাসী এগৰাকী উদ্যমী ব্যৱসায়ী লীলা চৰণ দত্তই মৌ পালন আৰু ব্যৱসায়েৰে বাণিজ্যৰ এক নতুন পথ মুকলি কৰিছে। শ্ৰীযুত দত্তই মৌপালনৰে নিজাকৈ ‘অসম হনি’ নামেৰে এক উদ্যোগ স্থাপন কৰি মৌ ৰসেৰে প্ৰস্তুত কৰা বিভিন্ন খাদ্য সামগ্ৰীৰে এক সুকীয়া বজাৰ দখল কৰি আহিছে। এই উদ্যোগ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এক বৃহত মৌৰস উৎপাদন কেন্দ্ৰ হিচাবে পৰিগণিত হৈছে। ইয়াত উত্পাদিত খাদ্য সামগ্ৰী কেৱল অসমতেই তথা উত্তৰ পূৰ্বাঞ্চলতেই নহয় ভাৰতৰ বিভিন্ন প্ৰান্তত বিক্ৰী হৈ আহিছে। মৌ পালন যোগে স্বাৱলম্বিতাৰ নতুন পথ দেখুওৱা লীলা চৰণ দত্তই ২০১২ চনত সন্মানীয় ‘ভাৰত বিকাশ ৰত্ন বঁটা’ লাভ কৰিছিল।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে