You don't have javascript enabled. Please Enabled javascript for better performance.

মুগা শিল্পৰে বিভিন্ন সা-সামগ্ৰীক ন-ৰূপ দিয়াত ব্যস্ত অঞ্জলি শইকীয়া

Start Date: 01-08-2018
End Date: 31-08-2021
অসমৰ পৰম্পৰাগত পাট-মুগাৰ শিল্প বিশ্বৰ ভিতৰতে এটা অনন্য শিল্প। এটা সময়ত পাট-মুগা কেৱল সাজ-পোছাকৰ বাবেই পৰিচায়ক আছিল যদিও সময়ৰ লগে লগে বিভিন্ন পৰীক্ষামূলক সা-সামগ্ৰী প্ৰস্তুত কৰাৰ কামতো পাট-মুগাৰ বহুল ব্যৱহাৰ হৈছে। গুৱাহাটীৰ অধিকাৰী পাট-মুগা উদ্যোগৰ স্বত্বাধিকাৰী অঞ্জলি শইকীয়াই মুগা শিল্পক দিছে এক অন্য ৰূপ। কেৱল সাজ-পোছাক প্ৰস্তুত কৰাতেই সীমাবদ্ধ হৈ নাথাকি বিভিন্ন প্ৰয়োজনীয় সা-সামগ্ৰী, মুগাৰে সাজি উলিয়াই দেখুৱাইছে স্বাৱলম্বিতাৰ এটা নতুন বাট। ১৬ খন তাঁতশালেৰে আৰম্ভ কৰা তেখেতৰ এই উদ্যোগটোৰ লগত বৰ্তমান জড়িত হৈ আছে ভালেসংখ্যক লোক।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
2 তথ্য পোৱা গ’ল

JAYANTA TOPADAR 6 বছৰ 1 সপ্তাহ পূৰ্বে

पाट-मुगा शिल्प को एक नया आयाम देने की जो अनूठी कोशिश की, वह निस्संदेह काबिलेतारीफ है! आप ने अन्य नारियों को भी अपने पैरों पर खड़ा होने की प्रेरणा दी।