You don't have javascript enabled. Please Enabled javascript for better performance.

কৃষি কৰ্মৰে স্বাৱলম্বনৰ পথ মোকলাই লৈছে গোৱালপাৰাৰ সবিতা কলিতাই।

Start Date: 26-09-2018
End Date: 26-09-2018
কৃষি কৰ্মৰে স্বাৱলম্বনৰ পথ মোকলাই লৈছে গোৱালপাৰাৰ এগৰাকী উদ্যমী যুৱতী সবিতা কলিতাই। তেওঁৰ নেতৃত্বত গাঁৱৰ মহিলাসকলেও একগোট হৈ এক নতুন উদ্যমেৰে খেতি বাতিৰ লগত নিজকে নিয়োজিত কৰিবলৈ লৈছে। ধান খেতি, হালধি খেতি আদিৰ লগত জড়িত হৈ স্বাৱলম্বী হোৱা সবিতা কলিতাই নিবনুৱা যুৱক যুৱতীসকলক আদৰ্শৰ বাট দেখুৱাইছে।এই বছৰৰ মে’ মাহত অসম চৰকাৰৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৫ গৰাকী কৃষকক ভিয়েটনাম ভ্ৰমণৰ বাবে বাচনি কৰা হৈছিল। এই দলটোৰ এগৰাকী অন্যতম সদস্যা আছিল সবিতা কলিতা। অসম চৰকাৰৰ কৃষি বিভাগ আৰু নাবাৰ্ডৰ সহায় সহযোগিতাত সবিতা কলিতা আৰু গাঁৱৰ মহিলাসকলে কৃষি কৰ্মৰ দ্বাৰা আৰ্থিকভাৱে অধিক লাভৱান হোৱাৰ লগতে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে ।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে