You don't have javascript enabled. Please Enabled javascript for better performance.

কুকুৰা পালনেৰে স্বাৱলম্বী গ্ৰামাঞ্চলৰ মহিলা

Start Date: 25-04-2020
End Date: 30-04-2023
গ্ৰাম্য অৰ্থনীতিৰ উত্তৰণৰ ক্ষেত্ৰত পশুপালনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি দৰং, নগাঁও, ধেমাজিকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাৰ আৰ্থিকভাৱে অনগ্ৰসৰ অঞ্চলৰ অৰ্থনৈতিক বুনিয়াদ সুদৃঢ় কৰাৰ মানসেৰে শেহতীয়াকৈ অসম চৰকাৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত ভাৰতীয় কিষাণ সংঘই এলানি কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছে। দৰং জিলাৰ পূৱ নগাঁৱৰ মহিলা সকললৈ সংঘই আগবঢ়াইছে কুকুৰা পালনেৰে স্বাৱলম্বনৰ দিহা। শেহতীয়াকৈ গাঁওখনৰ বহু সংখ্যক পৰিয়ালক বিনামূলীয়াকৈ উন্নত জাতৰ কুকুৰা পোৱালি যোগান ধৰাৰ লগতে ইয়াৰ প্ৰতিপালনৰ ক্ষেত্ৰত উপযুক্ত প্ৰশিক্ষণ আগবঢ়োৱা হৈছে। গাঁওখনৰ মহিলাসকলে অতি নিষ্ঠাৰে কুকুৰা পালনত আত্মনিয়োগ কৰি জীৱিকা অৰ্জনৰ বাট মোকলাই ল‘বলৈ সক্ষম হৈছে। তেওঁলোকৰ এই প্ৰচেষ্টা গ্ৰামাঞ্চলৰ সকলো মহিলাৰ বাবে আদৰ্শ হৈ ৰৈছে। আহক এটি ভিডিঅ’ৰ জৰিয়তে তেওঁলোকৰ কুকুৰা পালনৰ বিষয়ে কিছু কথা জানো।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
9 তথ্য পোৱা গ’ল

JAYANTA TOPADAR 5 বছৰ 11 হিচাপপূৰ্বে

एक अनन्य प्रयास... सराहनीय योगदान जीविकोपार्जन के पथ पर परिश्रमी कदम...धन्य भारतीय नारी...धन्य ग्रामीण असम...!!!

Jyotiska boruah 6 বছৰ 1 সপ্তাহ পূৰ্বে

গ্ৰাম্য অৰ্থনিতীত পশুপালনৰ পৰা আৰম্ভ কৰি হাঁহ, কুকুৰা,মীনপালন এক সুন্দৰ পদক্ষেপ ৷ যাৰ পৰা আৰ্থিক ভাৱে টনকিয়াল হোৱাৰ ওপৰিও নিজকে কৰ্মসংস্হাপিত কৰিৱ পাৰি ৷ বিশেষকৈ হাঁহ, কুকুৰা পালনে ইয়াৰ মাংস,কণী উৎপাদনৰ ক্ষেত্ৰত গ্ৰামাঞ্চলৰ প্ৰয়োজনীয় চাহিদা পূৰনৰ লগতে এক বজাৰ দখলৰ বট মুকলি কৰাৰ ওপৰিও আৰ্থিক ভাৱে টনকিয়াল হৱ পাৰি ৷

Jadab Bhakat 6 বছৰ 1 সপ্তাহ পূৰ্বে

সুন্দৰ পদক্ষেপ।
এইদৰে বিভিন্ন উন্নতি মূলক কাম কাজত আমি মনোনিৱেশ কৰিলেহে আমাৰ ৰাজ্য তথা দেশখন আগবাঢ়ি যাব।।।