You don't have javascript enabled. Please Enabled javascript for better performance.

কাৰ্বি পাহাৰত আদা আৰু হালধিৰ উৎপাদনেৰে বিপ্লৱ আনিছে ডিফুৰ জিতেন চাৰাংফাংচাই

Start Date: 21-09-2018
End Date: 21-09-2018
কাৰ্বি আংলং জিলাৰ ডিফুৰ এগৰাকী অগ্ৰণী কৃষক হৈছে জিতেন চাৰাংফাংচা। আদা আৰু হালধিৰ খেতিৰে কৃষিৰ ক্ষেত্ৰত এক নতুন দিগন্ত সূচনা কৰাত আগভাগ লৈ আহিছে তেখেতে। কাৰ্বি আংলঙৰ আদাৰ এবিধ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ইয়াৰ ভৌগোলিক চিনাক্তকৰণৰ (Geogrpahical Identification) স্বীকৃতি। আদাৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন খাদ্যসামগ্রীৰ এখন বজাৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত জিতেন চাৰাংফাংচাই বিভিন্ন জনক লগত লৈ কাম কৰি আহিছে। ২০১৬ চনত 'জিৰচং এগ্ৰ' প্রডিউচাৰ কোম্পানী' নামেৰে এটা কোম্পানী আৰম্ভ কৰি তেখেতে বহুলোকক কৃষিকৰ্মৰ প্ৰতি উৎসাহিত কৰিছে। এই কোম্পানীৰ জৰিয়তে অসমৰ আদা আৰু হালধি ভাৰতৰ বিভিন্ন প্ৰান্তত বিক্ৰী হৈ আছে। যোৱা মে মাহত ভিয়েটনামলৈ যোৱা অসমৰ কৃষক দলটোৰ অন্যতম সদস্য আছিল জিতেন চাৰাংফাংচা।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে