You don't have javascript enabled. Please Enabled javascript for better performance.

বিত্ত বিভাগৰ ২০১৮-১৯ বৰ্ষৰ অসম বাজেটৰ বাবে পৰামৰ্শৰ আহ্বান

Start Date: 26-12-2017
End Date: 16-02-2018

অসম চৰকাৰৰ বিত্ত বিভাগে অসম বাজেট ২০১৮-১৯ খন জনসাধাৰণৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসম চৰকাৰৰ বিত্ত বিভাগে অসম বাজেট ২০১৮-১৯ খন জনসাধাৰণৰ কল্যাণকেন্দ্ৰিক কৰাত যথেষ্ট গুৰুত্ব দিছে। ডিজিটেল সেৱাৰ গুৰুত্ব উপলব্ধি কৰি ‘ই-বাজেট’ প্ৰস্তুত কৰাত গুৰুত্ব দিয়া হৈছে যিয়ে জনসাধাৰণক তথ্য যোগোৱাত সহায় কৰিব। জনতাৰ অংশীদাৰ ব্যৱস্থাত বিশ্বাসী বিত্ত বিভাগে দ্বিতীয় বৰ্ষৰ বাজেটৰ বাবে জনসাধাৰণৰ পৰা পৰামৰ্শ বিচাৰিছে।
বিত্ত বিভাগৰ ৱেবচাইট finance.assam.gov.in ত জনসাধাৰণে নিজৰ বহুমূলীয়া পৰামৰ্শ প্ৰদান কৰিব পাৰে। মাই গভ্‍ অসমৰ ৱেবচাইট assam.mygov.in ৰ যোগেদিও বিভিন্ন মতামত আৰু পৰামৰ্শ প্ৰদান কৰাৰ সুবিধা উপলব্ধ। এই বৰ্ষৰ গুৰুত্বপূৰ্ণ কিছুমান ক্ষেত্ৰ হৈছে :
• শিশু
• কন্যা শিশু
• দিব্যাংগ
• বৃদ্ধাৱস্থা
• লিংগ বৈষম্য
• ধাৰণক্ষম বিকাশৰ লক্ষ্য
যোগদানৰ অন্তিম তাৰিখ : ১৬ ফেব্ৰুৱাৰী, ২০১৮

সকলো মন্তব্য
Reset
85 তথ্য পোৱা গ’ল
100

anjan acharya 6 বছৰ 3 হিচাপপূৰ্বে

চিকিমৰ দৰে কিয় আমি অসমকো সম্পূৰ্ণ জৈৱিক বা ৰাসায়নিক মুক্ত কৃষি ৰাজ্য গঢ়ি তুলিবলৈ প্ৰয়াস নকৰোঁ, 2020 বা 2022 চনৰ ভিতৰত আমি অসমক সম্পূৰ্ণ জৈৱিক ৰাজ্য বনাবলৈ প্ৰতিজ্ঞা ল'ব নোৱাৰুনে? ৰাসায়নিকযুক্ত আহাৰ খাই আমাৰ ৰোগ হ'বলৈ ধৰিছে

100

anjan acharya 6 বছৰ 3 হিচাপপূৰ্বে

প্রাথমিক বিদ্যালয়সমুহৰ পাঠদান প্রক্রিয়া তেতিয়ালৈকে মানসম্পন্ন নহব যেতিয়ালৈকে এই বিদ্যালয়সমুহত প্রত্যেক শ্রেণীৰ বাবে একোজনকৈ শিক্ষক নিয়োগ কৰা নহয় । যদি এখন এল.পি. স্কুলত পাঁচটা শ্রেণী থাকে তেন্তে তাত কমেও পাঁচজন শিক্ষক নিয়োগ কৰিবই লাগিব । প্রয়োজন অনুুসৰি এই প্রাথমিক বিদ্যালয়বোৰ একত্রীকৰণ কৰি ব্যক্তিগত বিদ্যালয়সমুহে কৰাৰ দৰে ছাত্র ছাত্রীৰ বাবে গাডীৰ যাতায়তৰ ব্যবস্থা কৰিব লাগিব ।

1100

mujammile.ali@gov.in 6 বছৰ 3 হিচাপপূৰ্বে

The Architecture of Government Offices should be Divyang friendly. Departments may in its own do an exercise to evaluate how it is Divyang Friendly. The label that indicates that two seats are reserved for "Physically disabled Persons" in the city buses of Guwahati should be instantly removed with the word "Divyang"

200

Anuj Protim Saikia 6 বছৰ 3 হিচাপপূৰ্বে

গাঁৱৰ ভিতৰুৱা পথ বিলাক পকীকৰণ কৰিব লাগে যাতে গাঁৱৰ মানুহে যাতায়ত ও যোগাযোগৰ উন্নত সুবিধা লাভ কৰে। কাৰণ গাঁৱৰ বিকাশহে অসমৰ বিকাশ।ধন্যবাদ।

1100

mujammile.ali@gov.in 6 বছৰ 3 হিচাপপূৰ্বে

1.Government may reimburse the course fee of some certified courses which will enhance the skill of the employees provided by the institutions like IGNOU, Distance Education Wings of the Universities of Dibrugarh, Guwahati, tezpur etc.
2. N.C.C/Scout and Guide wings are not available in major number of schools in our state. Government may consider it.

300

Ripa Saikia 6 বছৰ 3 হিচাপপূৰ্বে

আমি( NHM)ত কাম কৰা আজি১০বছৰ পাৰ হ'ল।আমাৰ আজিলৈকে একো ভবিষ‍্যত দেখা নাপালো।নিৰ্বাচনৰ আগত স্বাস্থ‍্য মন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল যে
NHM কৰ্মীসকল ৭ম দৰমহা
আয়োগৰ মতে প্ৰদান কৰা হব বুলি।কিন্তূ আজিলৈকে একো নহ'ল।আশা কৰোঁ এইবাৰ(২০১৮/২০১৯)7th pay scaleৰ নিয়মাৱলী প্ৰযোজ‍্য হব বুলি বহু আশাবাদী(MEDICAL&PARAMEDICAL)কৰ্মীসকল।