You don't have javascript enabled. Please Enabled javascript for better performance.

অসমৰ পৰম্পৰাগত খেল-ধেমালিসমূহৰ পূনৰুদ্ধাৰৰ বাবে পৰামৰ্শৰ আহ্বান

Start Date: 31-07-2019
End Date: 20-08-2019

পৰম্পৰাগত খেল-ধেমালি সমুহে এখন ঠাইৰ এক ঐতিহ্য বহন কৰে। এই খেল-ধেমালি ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

পৰম্পৰাগত খেল-ধেমালি সমুহে এখন ঠাইৰ এক ঐতিহ্য বহন কৰে। এই খেল-ধেমালি সমূহে কেৱল এটা জনগোষ্ঠীৰে ঐতিহ্য বহন নকৰে, ই জনগোষ্ঠী এটাক একতাৰ ডোলেৰে বান্ধি ৰখাৰ লগতে শাৰীৰিক আৰু মানসিক শান্তি উৎকৰ্ষ সাধনতো সহায় কৰে।
অন্যান্য ৰাজ্যৰ দৰে অসমো পৰম্পৰাগত খেল-ধেমালিসমূহৰ এক প্ৰাণকেন্দ্ৰ। অসমৰ কিছুমান পৰম্পৰাগত খেল-ধেমালি হৈছে - ধোপ খেল, পেং খেল, ঘিলা খেল, টাং গুটি ইত্যাদি। এই খেল-ধেমালি সমূহে এজন ব্যক্তিৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনত সহায় কৰে। গ্ৰাম্যাঞ্চলত বিশেষভাবে জনপ্ৰিয় এই থলুৱা ক্ৰীড়া সমুহে চহৰাঞ্চলৰ লোকসকলৰ সৈতে এক সংযোগ স্থাপন কৰাৰ থল আছে।
কিন্তু সময়ৰ লগে লগে বহুতো পৰম্পৰাগত খেল-ধেমালি আমাৰ মাজৰ পৰা নোহোৱা হৈ পৰিছে। নৱ প্ৰজন্মৰ লোকসকল বৰ্তমান আধুনিক ক্ৰীড়া সমূহৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে। কিন্তু চৰকাৰ আৰু জনসাধাৰণৰ মাজৰ এক যুটীয়া সমন্বয়েৰে এই খেল-ধেমালি সমুহ পুনৰুদ্ধাৰ কৰিব পৰাৰ থল আছে।

২৯ আগষ্ট ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে জনতাৰ চৰকাৰ মাই গভ্‍ অসমে পৰম্পৰাগত খেল-ধেমালি সমূহ পুনৰুদ্ধাৰ, সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত জনসাধাৰণৰ পৰা মতামত আৰু দিহা পৰামৰ্শ কামনা কৰিছে।
মতমত তথা পৰামৰ্শ প্ৰেৰণৰ অন্তিম দিন : ২০ আগষ্ট, ২০১৯

গুৰুত্বপূৰ্ণ মতামত প্ৰেৰণ কৰা শ্ৰেষ্ঠ ৫ গৰাকী অংশগ্ৰহণকাৰীলৈ প্ৰেৰণ কৰা হ'ব জনতাৰ চৰকাৰ মাই গভ্‍ অসমৰ তৰফৰ পৰা একোখনকৈ প্ৰশংসা পত্ৰ।

সকলো মন্তব্য
Reset
8 তথ্য পোৱা গ’ল
170

Nilay 4 বছৰ 7 হিচাপপূৰ্বে

NRC is being updated in Assam to identify illegal immigrants in Assam. The Final NRC Assam list is going to release on 31st August 2019. Keep checking this website https://final-nrc-assam.com/ for all National Register of Citizens (NRC) Assam related updates.

170

dulal saikia 4 বছৰ 8 হিচাপপূৰ্বে

বৰ সুন্দৰ পদক্ষেপ লোৱাৰ বাবে মই বতমানৰ অসম চৰকাৰক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। পৰম্পৰাগত খেল-ধেমালি সমুহ কালৰ গ্রাসত হেৰাই যাবলৈ দিব নোৱাৰি এই খেল-ধেমালি ৰ মাজেদি অসমৰ এতিহ্যবাহী গতিকে ইয়াৰ সংৰক্ষণ কৰাতো বতমান সময়ত নিশ্চয়ই কৈ বহু প্রায়োজন বোধ সকলো অসমবাসি ৰাইজৰ হয়। সদৌ শেষত বতমান চৰকাৰৰ দ্বাৰা লোৱা এই পদক্ষেপ ত বৰ আনন্দিত হৈছো।

3430

Bijit Kumar Dutta 4 বছৰ 8 হিচাপপূৰ্বে

অসমৰ পৰম্পৰাগত খেল ধেমালিৰ লগতে পৰম্পৰাগত জ্ঞানৰ এটি প্রতিষ্ঠান আৰম্ভ কৰা হওক। Assam Institute of Indigenous Knowledge (AIIK,এক)। সেই প্ৰতিষ্ঠান টোত খেল ধেমালিৰ লগতে, গছ লতা, খাদ্য, চিকিৎসা পদ্ধতি, বীজ, সাজ পোছাক, জন বিশ্বাস, কৃষি পদ্ধতি, আদি পুনৰুদ্ধাৰ সম্পৰ্কীয় চৰ্চা আৰু গৱেষণা উপৰিও পাঠ্যক্ৰম আৰম্ভ কৰক। অসমৰ প্ৰতিটো জাতি-জনজাতি, পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাত সিঁচৰিতহৈ থকা জ্ঞান সম্ভাৰ একে ঠাইতে উপলব্ধ হওক। সময় থাকোতেই চৰকাৰে এই জ্ঞান সম্পদ সমূহ ৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

470

Dulumoni Doley 4 বছৰ 8 হিচাপপূৰ্বে

অসমৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খেলবোৰ পুনৰুদ্ধাৰ তথা সংৰক্ষণৰ অৰ্থে প্ৰতি বছৰে নিৰ্দিষ্ট সময়ত সদৌ অসম জুৰি পঞ্চায়ত ভিত্তিত খেলোৱাৰ ব্যৱস্থা কৰিব লাগে। এইক্ষেত্ৰত এখন পঞ্চায়তত বাস কৰা সকলো জনগোষ্ঠীৰ পৰম্পৰাগত খেলবোৰ ক্ষেত্ৰৰ ভীতৰলৈ আনিব লাগে। বিজয়ী সকলৰ বাবে আৰ্থিক পুৰস্কাৰৰ ব্যৱস্থা কৰিব লাগে। তাৰোপৰি খেলবোৰৰ নিয়ম নিতীবোৰৰ ওপৰত জনগোষ্ঠীয় ব্যক্তিগোটৰ জৰিয়তে গবেষণাৰ ব্যৱস্থা কৰিব লাগে। শিক্ষাৰ প্ৰধান লক্ষ্য হৈছে সংস্কৃতিৰ সংৰক্ষণ আৰু ভবিষ্যত প্ৰজন্মলৈ প্ৰবহন কৰা। গতিকে এয়াও এক শিক্ষা ব্যৱস্থায়।

293010

Dr Krishajit Baruah 5 বছৰ 11 হিচাপপূৰ্বে

The an ancient games are Boating competition,Cobaddy,Dang Bitty,Dariabandha,and Lookachori the all games are give us happiness and supporting for health buildings also mental develops in all ages groups of peoples. The games are helping in human blood circulation comfortably. So,we needs the games for our lifestyles for the preventing diseases,as Hypertension,Diabetes etc.

692420

Ramakrishna Lakshmanan 5 বছৰ 11 হিচাপপূৰ্বে

My suggestion is that these Indigenous Games of Assam can be introduced in other states during their cultural festivals. This should be organized partly by citizens of Assam and partly by citizens of Assam who are residing or working in other states. The team should include both locals of Assam and other citizens of Assam in other states. This team should compete against players of that state that is hosting the cultural festival. This will help in making these games prominent and keep it alive.