You don't have javascript enabled. Please Enabled javascript for better performance.

আপোনাৰ অঞ্চলৰ আদৰ্শ মহিলাগৰাকী

Start Date: 28-02-2020
End Date: 31-03-2020

প্ৰতি বছৰে ৮ মাৰ্চৰ দিনটোত নাৰীৰ মৰ্যাদাক সন্মান জনাই সমগ্ৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

প্ৰতি বছৰে ৮ মাৰ্চৰ দিনটোত নাৰীৰ মৰ্যাদাক সন্মান জনাই সমগ্ৰ বিশ্বজুৰি নাৰী দিৱস পালন কৰা হয়। মহিলাৰ সুৰক্ষা, অধিকাৰৰ লগতে পুৰুষ আৰু মহিলাৰ সমমৰ্যাদাৰ দিশটোক প্ৰতিফলিত কৰি এই দিনটো বিশেষভাৱে উদযাপিত কৰা হয়। বৰ্তমান সময়ত শিক্ষা-দীক্ষা, ৰাজনীতি, ব্যৱসায়, প্ৰশাসনিক ইত্যাদি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আজিৰ নাৰীয়ে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। সাম্প্ৰতিক সময়ত সাহস, ধৈৰ্য আৰু একাগ্ৰতাৰে নাৰীয়ে সমাজত আদৰ্শৰ বাট দেখুওৱাবলৈ সক্ষম হৈছে। নিজৰ সুৰক্ষা, অধিকাৰকলৈও সমাজৰ প্ৰতিগৰাকী নাৰী অত্যন্ত সচেষ্ট ।

আহক এইবাৰৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত উল্লেখনীয় কৰ্মৰাজি তথা প্ৰত্যহ্বানমূলক কৰ্মৰে সকলোকে আদৰ্শৰ বাট দেখুওৱা আমাৰ সমাজৰ প্ৰতিগৰাকী উদ্যমী মহিলাক বিশ্বৰ দৰবাৰত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত এক প্ৰচেষ্টা হাতত লও। আপোনাৰ পৰিচিত তথা নিজৰ অঞ্চলত বসবাস কৰা এনে আদৰ্শৱান মহিলাৰ কৰ্মৰাজি আৰু জীৱন সংগ্ৰামৰ কাহিনী আমাৰ সৈতে শ্বেয়াৰ কৰক। ফটো অথবা ভিডিঅ’সহ তেখেতৰ বিষয়ে সবিশেষ লিখি তলত মন্তব্য আকাৰেৰে আমালৈ প্ৰেৰণ কৰক ।

অন্তিম তাৰিখঃ ৮ মাৰ্চ, ২০২০

সকলো মন্তব্য
Total Submissions ( 14) Approved Submissions (10) Submissions Under Review (4) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল

MANOJ ROY 5 বছৰ 6 হিচাপপূৰ্বে

শ্ৰীমতী শিল্পী ৰয় গুৱাহাটী মহানগৰীৰ লখৰ ৰোডৰ লালগণেশ অঞ্চলৰ শ্ৰী নগৰ পথৰ বাসিন্দা। এই মহিলা জনী বিগত ৯ বছৰ ধৰি এখন গেলামাল (Grocery) ব্যৱসায় চলাই আছে। সৰু দোকান খন আজি ৯বছৰে তেওঁৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ ফলত আজি বহু ডাঙৰ দোকান হল। তেওঁ এই ব্যৱসায়ৰ লগতে নিজৰ সংসাৰৰ যাবতীয় দায়িত্ব পালন কৰাৰ লগতে সামাজিক কৰ্মৰ লগতো খুব ধুনীয়াকৈ জড়িত হৈ আছে। আজিৰ সমাজত এনেকুৱা নিষ্ঠৱন আৰু পৰিশ্ৰমি মহিলাৰ অত্যন্ত জৰুৰী। আমাৰঅঞ্চলৰ সকলোৱে তেওঁক অত্যন্ত শ্ৰদ্ধা কৰে আৰু বিভিন্ন ক্ষেত্ৰত তেওঁৰ নামটো উদাহৰণস্বৰূপে ব্যৱহাৰ কৰে