You don't have javascript enabled. Please Enabled javascript for better performance.

“মোৰ গাঁও, মোৰ ধাৰণা” শীৰ্ষক ৰচনা প্ৰতিযোগিতা

Start Date: 07-04-2017
End Date: 10-05-2017

মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে ২০২১-২২ বিত্তীয় ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে ২০২১-২২ বিত্তীয় বৰ্ষৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই উদ্দেশ্য আগত ৰাখি “মোৰ গাঁও, মোৰ ধাৰণা” শীৰ্ষক এখন ৰচনা প্ৰতিযোগিতাৰ আহ্বান কৰা হৈছে।
এখন আদৰ্শ গাঁও গঢ়ি তোলাৰ বাবে আপোনাৰ সপোনৰ গাঁওখনৰ ওপৰত এই ৰচনাখন লিখিব লাগিব।
এই প্ৰতিযোগিতাৰ বিজয়ী সকলক অসমৰ মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ সম্বলিত এখন প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব।
চৰ্তাৱলী:
• ৰচনাৰ মূল বিষয় : মোৰ গাঁও, মোৰ ধাৰণা
• ৰচনাখনৰ সৰ্বাধিক শব্দ ১৫০০ টা হোৱাটো প্ৰয়োজন।
• ৰচনাসমূহ ইংৰাজী, অসমীয়া, হিন্দী, বাংলা অথবা বড়ো ভাষাত হ’ব লাগিব।
• পিডিএফ ফাইল হিচাবে জমা দিব লাগিব আৰু ফাইলৰ আকাৰ ১০ এম বি ত কৈ কম হ’ব লাগিব।
• এজন প্ৰতিযোগীয়ে কেৱল এখন ৰচনাহে পঠিয়াব পাৰিব অন্যথা অগ্ৰাহ্য কৰা হ’ব।
• ৰচনাখনৰ মূল প্ৰতিলিপিহে গ্ৰহণ কৰা হ’ব। নকল প্ৰতিলিপি গ্ৰাহ্য কৰা নহ’ব।
• ৰচনা স্বলিখিত হোৱাটো বাঞ্চনীয়।
বি:দ্ৰ: ৰচনাসমূহ মূল প্ৰতিলিপিৰ হয়নে নহয় সেয়া বিচাৰ কৰি চাবলৈ সমিতিয়ে সকলো প্ৰচেষ্টা হাতত ল’ব। ৰচনাসমূহ নকল প্ৰতিলিপি বুলি চিনাক্ত হ’লে মাই গভ অসম পৰ্টেল দায়ী নহ’ব।

সকলো মন্তব্য
Total Submissions ( 171) Approved Submissions (162) Submissions Under Review (9) জমা বন্ধ
#AssamMyGov, #MyGov, ##ChiefMinisterSamagraGramyaUnnayanYojana, #MyVillageMyIdea
Reset
162 তথ্য পোৱা গ’ল