You don't have javascript enabled. Please Enabled javascript for better performance.

৭৩ তম স্বাধীনতা দিৱস উপলক্ষে হাতে লিখা ৰচনা প্ৰতিযোগিতা

Start Date: 01-08-2019
End Date: 15-08-2019

দেশৰ ৭৩ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি জনতাৰ চৰকাৰ মাই ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

দেশৰ ৭৩ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি জনতাৰ চৰকাৰ মাই গভ্‍ অসমে আয়োজন কৰিছে এখন হাতে লিখা ৰচনা প্ৰতিযোগিতা। সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মুকলি এই প্ৰতিযোগিতাৰ বিষয়বস্তু হৈছে – “মই যদি সৈনিক হওঁ”।

শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত পাঁচখন ৰচনাৰ বাবে আগবঢ়োৱা হ’ব অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ স্বাক্ষৰ সম্বলিত একোখন প্ৰশংসা পত্ৰ।

ৰচনা প্ৰেৰণৰ অন্তিম তাৰিখ : ৩১ আগষ্ট, ২০১৯

নিয়ম আৰু চৰ্তাৱলী :
• ৰচনাখন নিজ হাতে লিখাটো বাধ্যতামূলক।
• হাতে লিখা পৃষ্ঠাসমূহ স্কেন কপি (Scanned Copy) কৰি প্ৰেৰণ কৰাটো প্ৰয়োজনীয়।
• ৰচনাসমূহ assam.mygov.in ৰ কাৰ্য শিতানৰ মন্তব্য শাখাৰ যোগেদি প্ৰেৰণ কৰিব লাগিব।
• ৰচনাখন ৩০০ টা শব্দতকৈ অধিক হ’ব নোৱাৰিব।
• অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাই গ্ৰহণযোগ্য।
• পৃষ্ঠাসমূহত পৃষ্ঠা নম্বৰ উল্লেখ কৰাটো বাঞ্চনীয়।
• সম্পূৰ্ণ নাম, ঠিকনা, যোগাযোগ নম্বৰ আৰু শ্ৰেণী ৰচনাখনৰ প্ৰথম পৃষ্ঠাত উল্লেখ থাকিব লাগিব।
• এগৰাকী প্ৰতিযোগীৰ পৰা এখন ৰচনাহে গ্ৰহণ কৰা হ’ব।
• ৰচনা মৌলিক হোৱাটো বাধ্যতামূলক। অইন কোনো উৎসৰ পৰা লিখনি প্ৰতিলিপি কৰাৰ বিষয়ে অৱগত হ’লে তেনে ৰচনা অযোগ্য হিচাবে বিবেচিত হ’ব।
• প্ৰেৰণ কৰা ৰচনাসমূহ মাই গভ অসমৰ সম্পত্তি হিচাবে বিবেচিত হ’ব।
• ফলাফল ঘোষণা আৰু বিজয়ী নিৰ্বাচনৰ ক্ষেত্ৰত জনতাৰ চৰকাৰ মাই গভ্‍ অসমৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ’ব।

সকলো মন্তব্য
Total Submissions ( 33) Approved Submissions (33) Submissions Under Review (0) জমা বন্ধ
Reset
33 তথ্য পোৱা গ’ল

BISWANATH PANDA 6 বছৰ 5 হিচাপপূৰ্বে

BANDE MAATARAM, BANDE MAATARAM.
SUJALAAM SUFALAAM MALAYAJA SHITALAAM.
SHASHYA SHAMALAAM MAATARAM.
BANDE MAATARAM.

SHUBHRA JYOSHNAM PULAKITA SOBHINIM.
PHULO KUSOBHITAM
DRUMADALAM SHOBHINIM
SUHASHINIM SUMADHURA BHASHINIM
SHUKHAM BARADANAM MAATARAM
BANDE MAATARAM, BANDE MAATARAM

  •